যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উত্তপ্ত পৰিস্থিতি
ৰঙিলী বাৰ্ত্তাসেৱা- কলিকাতাৰ আৰ জি কৰ কাণ্ডক লৈ সমগ্ৰ দেশে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে নিৰ্যাতনৰ সন্মুখীন হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক।যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত লংকাকাণ্ড।উল্লেখ্য যে দেওবাৰে নিশা মহানগৰীৰ চূণচালিত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। বালি ভৰ্তি AS-01QC-2196 নম্বৰৰ ডাম্পাৰ আৰু AS-01FJ-7385 নম্বৰৰ বুলেটৰ মুখামুখি সংঘৰ্ষত গুৰুত্বভাৱে আহত হয় দুজন যুৱক। আহত হৈছিল শিলপুখুৰীৰ চেলগেৰীয়া এ চাংমা আৰু পৰিমল ৰায় নামৰ যুৱক দুজন। আহত দুজন যুৱককে নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰি পুৱতি নিশা GMCHত ভৰ্তি কৰিছিল। চিকিৎসাধীন অৱস্থাত ক্ষন্তেক পিছতেই চেলগেৰীয়া এ চাংমাৰ মৃত্যু হৈছিল। চেলগেৰীয়া এ চাংমাৰ মৃ্ত্যুক কেন্দ্ৰ কৰি নিশা হাস্পতালখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সঠিক চিকিৎসাৰ অভাৱত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে মৃতকৰ পৰিয়ালে। চিকিৎসা অবিহনেই GMCHত বহু সময় পৰি থকাৰো অভিযোগ কৰিছে মৃত চেলগেৰীয়া এ চাংমাৰ পৰিয়ালে। মৃতকৰ কেইবাজনো আত্মীয়ই হাস্পতালখনত কৰ্মৰত চিকিৎসকক প্ৰহাৰ কৰে। ইয়াৰ পাছতে ভঙাঘৰ থানাত গোচৰ ৰুজু কৰে GMCH কৰ্তৃপক্ষই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্তৃপক্ষৰ এজাহাৰ ভিত্তিতে মৃত চেলগেৰীয়া এ চাংমাৰ পৰিয়ালৰ ৫গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰে ভঙাঘৰ আৰক্ষীয়ে। ইফালে ভুক্তভোগী পৰিয়ালৰ লোকও GMCH কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। চিকিৎসকৰ কৰ্তব্যত বাধা দিয়াৰ অভিযোগত ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোককেইজনক।