যুদ্ধ কৰিবলৈ শিকক,আনৰ লগত নহয় নিজ মনৰ লগত – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Shutterstock

যুদ্ধ কৰিবলৈ শিকক, আনৰ লগত নহয় নিজ মনৰ লগত

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আমি দিন প্ৰতিদিনে বাঢ়ি অহাৰ লগে লগে নানান ধৰণৰ সপোন দেখিবলৈ ধৰো আৰু ইয়াৰ লগতে সেই সপোন সমূহ সাৰ্থক কৰিবলৈ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মূখীন হ’বলগীয়া হয় নহয়নে ? অবশ্য সপোনৰ অবিহনে আমাৰ জীৱনৰ কোনো এক মুল্য নাথাকিব। আমি আমাৰ জীৱনত  সপোনবোৰ বাস্তৱ ৰূপ দিবলৈ যুদ্ধ এখনত নামিবলৈ বাধ্য হৈছোঁ। সেই সপোনবোৰক সাৰ্থক কৰিবলৈ আমি হয়তো বেছিভাগ মানুহেই বাহিৰৰ পৰিস্থিতিৰ লগত যুদ্ধ চলাই গৈছো। কিন্তু মোৰ মতে আপুনি যুদ্ধ কৰিবলৈ শিকক,আনৰ লগত নহয় নিজ মনৰ লগত।আচলতে আমি আমাৰ যিবোৰ সপোন সাৰ্থক কৰিবলৈ এতিয়ালৈকে অসমৰ্থ হৈ আছোঁ। মোৰ মতে আমাৰ সপোনবোৰ সাৰ্থক নোহোৱাৰ কাৰণবোৰ হ’ল ,প্ৰকৃততে আমি সদায় বাহিৰৰ পৰিস্থিতিক বৰ বেছিকৈ দোষাৰোপ কৰিবলৈ যন্ত কৰো। কিন্তু প্ৰকৃত অৰ্থত যুদ্ধ এখন আমাৰ মনৰ মাজতেহে চলি থাকে। আৰু যেতিয়ালৈকে আমি নিজ মনৰ মাজত চলা যুদ্ধ জয় হ’ব নোৱাৰোঁ তেতিয়ালৈকে আমি কোনো এক পৰিস্থিতিকে নিজা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ’ব নোৱাৰিম। গতিকে বাহিৰাগত পৰিস্থিতিক আওকাণ কৰি পোনপ্ৰথমে নিজে নিজৰ লগত যুদ্ধ কৰিবলৈ শিকক। যেতিয়াই আপুনি নিজৰ মনৰ মাজত চলা যুদ্ধত জয়ী হৈছে তেতিয়াই দেখিব নিজে নিজেই সকলো ধৰণৰ বাহ্যিক পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণত আহি পৰিছে। সেয়েহে যুদ্ধ কৰিবলৈ শিকক,আনৰ লগত নহয় নিজ মনৰ লগত। নিজ মনক নিয়ন্ত্ৰণত আনিবলৈ হ’লে নিৰন্তৰ সাধনাৰ প্ৰয়োজন। এই নিৰন্তৰ ভাবে সাধনা মানেই হ’ল একেবাৰে সহজ ভাষাত কবলৈ গ’লে আমি প্ৰতিজন মানুহৰে মনৰ মাজত নিজ নিজ বিচৰা সমূহক লৈ উৎপন্ন হোৱা যুদ্ধ। অৰ্থাৎ আমি প্ৰথমতে নিজৰ মনৰ আগত পৰাজয় স্বীকাৰ কৰোঁ তাৰ পাছতহে বাহিৰাগত পৰিস্থিতিয়ে আমাক পৰাজিত কৰি তোলে। নহ’লে কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো এক তেনেকুৱা শক্তি নাই যিবোৰ জৰিয়তে আমাৰ সপোন বা সফলতাৰ আগত হেঙাৰ হ’ব পাৰে।