যুগে যুগে দেৱী মূৰ্তি উপাসনা : মমত্ব আৰু দায়িত্ব
জ্যোতি খাটনিয়াৰ
উপনিষদত সোধা হৈছে যে কাৰ ইচ্ছাত প্ৰেৰিত হৈ মন বিভিন্ন বিষয়ৰ ওপৰত পৰেগৈ? ভাৰতীয় চিন্তাৰ এয়া অতি গুৰুত্বপূৰ্ণ কথা। প্ৰথমতে, ইয়াত মনক এক সুকীয়া বস্তু বুলি ধৰা হৈছে। আমি যেনেকৈ বল এটা ঠেলি দিও, পানীৰ বালটিং এটা ডাঙি দিও, তেনেকৈ মনক ইফাল সিফাল কৰিব পৰা বস্তু বা দ্ৰব্য (substance/ object) বুলি ধৰা হৈছে। ভাৰতীয় চিন্তাত আকৌ ‘ বিষয় ‘ ৰ ধাৰণা বৰ বিশাল । আমাক ঘৰ এটা লাগে, দামী গাড়ী লাগে, খাবলৈ ভাত লাগে, চাউল লাগে, পিন্ধিবলৈ দামী কাপোৰ লাগে , কাৰোবাক ক্ষমতা লাগে, কোনোবাই দুৰ্নীতি কৰি ভাল পায়, কোনোবাই সৎ ভাৱে থাকি ভাল পায় – এই সকলোবোৰ হ’ল একো একোটা ‘ বিষয় ‘। তেনেদৰে, ঈশ্বৰৰ কথা চিন্তা কৰা, পৰম ব্ৰহ্মৰ সন্ধান কৰা —– এই সকলোবোৰ ‘ বিষয় ‘। মন আৰু বিষয়ৰ সম্পৰ্ক ( relation) , সংযোগ ( association) , পাৰ্থক্য ( differences) , বিসংযোগ ( disassociation) —- এইসকলোবোৰ কাৰ দ্বাৰা আহি পৰে , এই সম্পৰ্কত ভাৰতীয় চিন্তাই নানান কথা কৈ গৈছে। শেষ পৰ্যায়ত ব্ৰহ্মৰ প্ৰভাৱতে এয়া সংঘটিত হয় বুলি কোৱা হৈছে। ব্ৰহ্মক দুই ধৰণেৰে সচৰাচৰ ভবা হয়। এটা ব্ৰহ্মৰ সাকাৰ ৰূপ । আনটো ব্ৰহ্মৰ নিৰাকাৰ ৰূপ। সাকাৰ ৰূপত নানান ধৰণৰ গুণাগুণ থাকে। সেইবাবে ই সগুণ। নিৰাকাৰ ৰূপৰ ব্ৰহ্মই অসীম ৰূপলৈ গতি কৰে; আৰু ই গুণাগুণৰ বাহিৰলৈ গুচি যায়। সেইবাবে ই নিৰ্গুণ। মূৰ্তি পূজা সগুণ আৰু সীমিত ৰূপৰ পৰমময় ব্ৰহ্মৰ উপাসনা। এই উপাসনা অতি সীমাবদ্ধ। গভীৰ ভক্তিৰ ৰসেৰে ব্যঞ্জিত হ’লেও এই উপাসনাই, বিশেষকৈ মূৰ্তি উপাসনাই, ক্ষমতা আৰু প্ৰতিষ্ঠা দুয়োটাক বিচাৰে। মধ্য যুগৰ বৈষ্ণৱ সন্তসকলে মূৰ্তি উপাসনাৰ বিৰোধিতা কৰাৰ এইটো এটা কাৰণ। উপনিষদত মূৰ্তি উপাসনাৰ বিশেষ কথা পোৱা নাযায়। উপাসনা আৰু উপাস্য শক্তিৰ সম্পৰ্কৰ বিষয়ে কেনোপনিষৎৰ ব্যাখ্যাত পণ্ডিত ড° তীৰ্থনাথ শৰ্মাই সূৰ্য্যকান্ত মণিৰ কথা বিশেষভাৱে উল্লেখ কৰিছে। এই সূৰ্য্যকান্ত মণি এনেয়ে ধেলা। সূৰ্য্যৰ পোহৰত ই ৰশ্মি বিকিৰণ কৰিব পাৰে। অথচ দেখাত মণিটোৱেহে ৰশ্মি বিকিৰণ কৰি থকা যেন লাগে। নজনা মানুহেও তাকেই ভাবে। ইয়াৰ ফলত দুটা কথা হয়। প্ৰথমতে বহুতো লোকে সূৰ্য্যকান্ত মণিৰ বিকিৰণ দেখিয়ে সন্তুষ্ট হয়। দ্বিতীয়তে, আন এচাম লোক এই বিকিৰণৰ উৎস বিচাৰি যায়। আকৌ সূৰ্য্যকান্ত মণি থকাৰ বাবেহে বিকিৰণৰ উৎস বিচাৰি যোৱাৰ এক প্ৰবণতা মনৰ সৃষ্টি হয়। মূৰ্তি উপাসনাৰ গুৰিকথা এয়াই। সেইবাবে মূৰ্তি উপাসনাৰ যোগেদি মানুহৰ ইন্দ্ৰিয়সমূহক সংযত কৰি কল্যাণ আৰু ভক্তিৰ কথা ভবা যায়। ভক্তিৰ স্বৰূপ হৃদয়াঙ্গম কৰা অতি কঠিন। মাধৱদেৱে নামঘোষাত কৈছে : ” মুক্তিত নিস্পৃহ যিটো/ সেহি ভকতক নমো /ৰসময়ী মাগোহো ভকতি /সমস্ত মস্তক মণি/ নিজ ভকতৰ বশ্য /ভজো হেন দেৱ যদুপতি।।” বৈষ্ণৱ বিদ্বান , ভক্তি ৰসজ্ঞ বাপচন্দ্ৰ মহন্তই তেওঁৰ নামঘোষা – তত্ত্বদৰ্শন ( ১৯৯৭) গ্ৰন্থত স্পষ্ট কৰি দিছে যে ভক্তিৰ লক্ষ্য মুক্তি নহয়, মুক্তিৰ পাছতো ভক্তিৰ প্ৰয়োজনহে। সেইবাবে সাধাৰণজনৰ কাৰণে বৈকুণ্ঠৰ কল্পনা কৰি দেহত্যাগৰ পাছত তাত ভক্তসকলক ৰখা হ’ল। কিন্তু তাতো যদি তেওঁলোকৰ কিবা প্ৰকাৰে স্খলন ঘটে, তেওঁলোক পুনৰ অসুবিধাত পৰিব। জন্ম- মৃত্যুৰ জটিল আৰু দুখ – কষ্টৰে আৱৰা চক্ৰলৈ ঘূৰি আহিব। অৰ্থাৎ উপনিষদত কোৱাৰ দৰে তেওঁলোকৰ মনটো সাধাৰণ বিষয়বোৰৰ সৈতে আকৌ সংলগ্ন হৈ পৰিব। মূৰ্তি উপাসনাই ভক্তৰ মনত স্থিৰতা আনিব পাৰে। পৰম ব্ৰহ্মৰ উপলব্ধিৰ দিশত ভক্তক আগুৱাই লৈ যাব পাৰে।
অৱশ্যে অতি প্ৰাচীন পৃথিৱীত দেৱী উপাসনাৰ ধাৰণাটো ব্ৰহ্ম উপাসনাৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত কৰিব পৰাৰ ক্ষেত্ৰত প্ৰমাণ পোৱা নাযায়। ইয়াৰ বিপৰীতে ক’ব পাৰি যে , প্ৰধানতঃ পৃথিৱীক শস্য শ্যামলা কৰিব পৰা শক্তি ৰূপেই দেৱী উপাসনাৰ আৰম্ভণি হয়। প্ৰাচীন মিছৰীয় সভ্যতাত দেৱীক এনেদৰেই ভবা হৈছিল। গ্ৰীক সভ্যতাত দেৱীৰ সৈতে নৈতিকতা, উচিত – অনুচিত আদি প্ৰশ্নক গাঁঠি দিয়া হ’ল। গ্ৰীক কবি হোমাৰে দেৱী এথিনাৰ সৈতে ওডিচ্যুচৰ সম্পৰ্কক এক ওখ নৈতিক বিধান আৰু কৰ্তব্য তথা দায়িত্বৰ সৈতে সম্পৰ্কিত কৰি তোলে। ভাৰতীয় সভ্যতাত দেৱী এক পৰম নীতি আৰু জীৱনৰ বিভিন্ন দিশৰ সৈতে সম্পৰ্কিত হৈ থকা এক পৰম অস্তিত্ব। ভাবি আচৰিত লাগে আফগনিস্তানত প্ৰায় ১৫০০ বছৰ আগলৈকে দেৱী উপাসনা চলিছিল। চীনা পৰিব্ৰাজকসকলৰ বৰ্ণনাত এই দেৱী উপাসনাৰ নানান কথা পোৱা যায়। আফগানিস্তানৰ স্বাহী শাসনৰ সময় চোৱাত দুৰ্গা দেৱী অতি জনপ্ৰিয় আছিল। ফা হিয়ান, চং ইউন, হিউৱেন চাং আদি পৰিব্ৰাজকে ৩৩৯ ৰ পৰা ৭৫১ চনত আফগানিস্তান ভ্ৰমণ কৰাৰ সময়ত দেৱী উপাসনাৰ কিছু তথ্য এৰি থৈ গৈছে। শ্বেত হুন আৰু তুৰ্কসকলৰ সংমিশ্ৰণত গঢ়ি উঠা কাবুল স্বাহী সকলে দেৱী উপাসনা কৰাৰ তথ্য আছে। তেওঁলোকে দুৰ্গা দেৱীক উপাসনা কৰিছিল বুলি কোৱা হয়। পাঞ্জাব আৰু আফগানিস্তানত পোৱা মুদ্ৰাসমূহত তেওঁলোকৰ পূজা পাতলৰ বিশ্বাসৰ কিছু ইংগিত আছে। পাৰস্যৰ ইছলাম ধৰ্মাৱলম্বী লোকে প্ৰতিষ্ঠা কৰা গাজনিৱাদ বংশই পাৰ্চিয়া, খোৰাছান আৰু ভাৰতীয় মহাদেশৰ উত্তৰ – পশ্চিম অঞ্চলত ৯৯৭ ৰ পৰা ১১৮৬ চনলৈকে চলোৱা শাসনৰ সময়ত এই সমগ্ৰ অঞ্চলটোত থকা সাম্প্ৰতিক ঐক্য লাহে লাহে বিনষ্ট হ’বলৈ ধৰে। আবু ইছাক ইব্ৰাহিম ইষ্টাখ্ৰীয়ে লিখি যোৱা দশম শতিকাৰ পৰ্যটকৰ টোকাত তাহানিৰ কাবুলৰ পৰিবেশৰ সম্পৰ্কে এনেদৰে লিখা আছে : ” Kábul has a castle celebrated for its strength, accessible only by one road. In it there are Musulmáns, and it has a town, in which are infidels from Hind.” কিন্তু কালক্ৰমত সহিষ্ণুতাৰ এই পৰিবেশ নোহোৱা হ’ল। এই অঞ্চল শাসন কৰা হেফথেলিটাছ বা শ্বেত হুনসকল নিজেই আছিল সূৰ্য্যৰ উপাসক। তেওঁলোক ইৰাণীয়ান হুনসকলৰ সৈতে সম্পৰ্কিত। মধ্য প্ৰাচ্যৰ এক বিশাল অঞ্চল তেওঁলোকে নিজৰ অধীন কৰি ৰাখিছিল। কাবুলৰ কাষৰ খেইৰ খানেহ নামৰ অঞ্চলত খনন কাৰ্য্য চলাই বহু প্ৰাচীন হিন্দু দেৱ-দেৱীৰ মূৰ্তি পোৱা গৈছে। সেইবোৰৰ ভিতৰত সূৰ্য্য, লক্ষ্মী আৰু সৰস্বতী প্ৰধান। এই অঞ্চলৰ বিশাল মন্দিৰ এটাৰ সময় পুৰাতত্ত্ববিদসকলে খ্ৰীষ্টিয় সপ্তম শতিকাত বুলি ঠাৱৰ কৰিছে। সেই সময়ত অঞ্চলটোত তুৰ্ক স্বাহীসকলৰ শাসন চলি আছিল। ইয়াত উদ্ধাৰ হোৱা সূৰ্য্যৰ মূৰ্তিটোত এক গতিৰ আভাস আছে। ইয়াত সূৰ্য্য দেৱতাই অতি বেগেৰে আগুৱাই আহিছে। দিনটোৰ আৰম্ভণি ঊষাৰ প্ৰথম কিৰণেৰে হৈছে। সূৰ্য্য দেৱতাই পৃথিৱীলৈ কঢ়িয়াই আনিছে পোহৰৰ বতৰা আৰু নানান সম্ভাৱনা। সূৰ্য্য দেৱতাৰ ৰথৰ বাহন ঘোঁৰা। তেওঁ ৰথখনত বহি আহিছে।
তেওঁৰ অস্তিত্বই সম্ভাৱনা আৰু মহত্ব দুয়োটাকে প্ৰতিনিধিত্ব কৰিছে। একেদৰে আফগানিস্তানৰ ৩৪ খন প্ৰদেশৰ অন্যতম ল’গাৰ প্ৰদেশত উদ্ধাৰ হৈছে বিশাল বৌদ্ধ সংঘৰ অৱশেষ। ৪০ হেক্টৰ অঞ্চলজুৰী সিঁচৰতি হৈ থকা এই বিশাল বৌদ্ধ সংঘসমূহত ৪০০ ৰো অধিক বৌদ্ধ মূৰ্তি পোৱা গৈছে। অঞ্চলটো শিল্প আৰু স্থাপত্যৰ দিশৰ পৰা অতি পুৰণি বুলি ক’ব পাৰি। কাৰণ তাত ৫০০০ বছৰ পুৰণি ব্ৰঞ্জ যুগত ব্যৱহৃত সামগ্ৰী পোৱা গৈছে। এই অঞ্চলৰ বৃহৎ সংখ্যক বাসিন্দা যে এটা সময়ত বৌদ্ধ ধৰ্মালম্বী আছিল তাত কোনো সন্দেহ নাই। উল্লেখ্য যে এই অঞ্চলটোত অতি পুৰণি আৰু সততে উল্লেখ নথকা দেৱ-দেৱীৰ উপাসনা চলিছিল বুলিও ক’ব পাৰি। তাৰ ভিতৰত দিকপালসকল অন্যতম। সূৰ্য্য দেৱতাৰ প্ৰতিমূৰ্ত্তিৰ লগত থকা সংগী দুজনক দিকপাল বুলিও ভাবিব পাৰি। প্ৰথমতে দিকপাল আছিল চাৰি। পাছত এই সংখ্যা দহ বুলি ধৰা হৈছে। শেষত অষ্ট দিকপালৰ ধাৰণা হিন্দু ধৰ্মত স্থায়ী হৈ উঠে । প্ৰাচীন ভাৰতত এগৰাকী অলপ কম উল্লেখ থকা দেৱী হ’ল স্বাহা। স্বাহা অগ্নি দেৱতাৰ পত্নী। যজ্ঞৰ সময়ত অগ্নিৰ লগতে স্বাহাৰো নাম উল্লেখ কৰা হয়। চতুৰ্বৰ্গ চিন্তাণি নামৰ এখন গ্ৰন্থত স্বাহাৰ উপাসনাৰ নিৰ্দেশ আছে। স্বাহাৰ এটা মূৰ্তি বৰোডা মিউজিয়ামত পোৱা যায়। এই মূৰ্তিৰ নিৰ্মাণৰ সময় দশম শতিকাৰ ওচৰ- পাজৰ বুলি ভবা হৈছে। তেনেকৈ গণেশৰ পত্নীৰ মূৰ্তিও প্ৰাচীন ভাৰতত আছিল। গণেশৰ পত্নীক বৈনায়কী বুলি কোৱা হয়। তেওঁৰ মূৰ্তি এটা মথুৰা মিউজিয়ামত সংৰক্ষিত হৈ আছে। স্কন্দপুৰাণ আৰু মৎস্যপুৰাণৰ মাতৃকা যোগিনিৰ তালিকাত বৈনায়কীৰ উল্লেখ আছে। মথুৰা মিউজিয়ামত সংৰক্ষিত বৈনায়কিৰ হাত দুখন। বাওঁ হাতত পদুম ফুল। একেদৰে বৰষুণৰ দেৱতা বৰুণৰ পত্নীৰ নাম টীকাকাৰ উৎপলে তেওঁৰ বৃহৎ সংহিতাত উল্লেখ কৰিছে। টীকাকাৰ উৎপলে তেওঁৰ নাম বাৰুণী বুলি কৈছে। ঋগবেদত তেওঁ বৰুণাণী বুলি কৈছে। বৰুণৰ একমাত্ৰ মূৰ্তিটো নেশ্বনেল মিউজিয়ামত আছে। এই মূৰ্তি নিৰ্মাণৰ সময় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগ। এই দেৱী মূৰ্তি উৎকীৰ্ণ। তেওঁৰ সোঁ হাতত পদুমৰ ঠাৰি । এইবোৰে দেখুৱাইছে যে মূৰ্তিৰ যোগেদি দেৱীৰ উপাসনা বিভিন্ন কাৰণত প্ৰাচীন ভাৰতত চলিছিল। প্ৰাচীন ভাৰতৰ বিভিন্ন পুথিত এই দেৱ-দেৱীবোৰৰ উল্লেখ আছে। এই দেৱ – দেৱীসমূহে প্ৰাচীন ভাৰতৰ মূৰ্তি পূজাৰ নিদৰ্শন আমালৈ এৰি থৈ গৈছে।
ইয়াৰ বিপৰীতে বৌদ্ধ চিন্তাৰ চাৰিটা মহৎ সত্যৰ সৈতে মূৰ্তি উপাসনাৰ বিশেষ সম্পৰ্ক নাই। এই সত্য কেইটা হ’ল অতি সাধাৰণ , কিন্তু গভীৰ উপলব্ধিৰ ওপৰত প্ৰতিস্থিত সত্য। এক, জীৱনত দুখ আছে; দুই, দুখৰ কাৰণ আছে; তিনি, দুখ ৰোধ কৰিব পাৰি ; চাৰি, দুখ ৰোধ কৰাৰ উপায় আছে। ভাৰতীয় শিল্পীসকলে আলোকপ্ৰাপ্তিৰ সময়ত জোনাক নিশাত ধ্যানমগ্ন বুদ্ধক বাধা দিবলৈ অহা মাৰ আৰু তেওঁৰ অসংখ্য সেনানীৰ ৰূপবোৰ কেনে আছিল, সেয়া শিলত কাটি তাহানিয়ে ৰাখিছিল। বুদ্ধক মাৰে বাধা দিবলৈ তেওঁৰ তিনিগৰাকী অসাধাৰণ সুন্দৰী কন্যাক প্ৰেৰণ কৰিছিল। এই কেইগৰাকী আছিল আৰতি, তানহা আৰু ৰাগা। এই মাৰক বুদ্ধই তেওঁৰ স্থিৰতা আৰু অবিচল সত্য সন্ধানী মনেৰে জয় কৰিছিল। আজিৰ পৰা প্ৰায় দুহেজাৰ বছৰ আগেয়ে বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত আৰু ভয়ংকৰভাৱে অশান্ত অঞ্চল খাইবাৰ পাখতুনত এই মাৰ , তেওঁৰ তিনিগৰাকী সুন্দৰী কন্যা, অসংখ্য মায়াৱী সেনা ভাৰতীয় শিল্পীসকলে নিৰ্মাণ কৰি উলিয়াইছে। এয়া গান্ধাৰ শিল্প শৈলীৰ অন্তৰ্গত। মাৰ ভয়াবহ আৰু দমনমূলক; ভগৱান গৌতম বুদ্ধ স্থিৰ আৰু প্ৰশান্ত। পৰৱৰ্তী সময়ত বৌদ্ধ উপাসনাৰ সৈতে বিভিন্ন নাৰীক সংলগ্ন কৰি দিয়া হ’ল। এওঁলোক অতি শক্তিশালী আৰু দেৱী মহামায়াৰ ৰূপ বুলিও ক’ব পাৰি। যেনে দেৱী তাৰা। কামাখ্যা মন্দিৰলৈ উঠি যোৱাৰ বাটৰ বাওঁফালে দেৱী তাৰাৰ মন্দিৰ আছে। এই তাৰা দেৱীৰ উপাসনা তিব্বতীয় বৌদ্ধ ধৰ্মৰ এক শক্তিশালী অংগ। দেৱী তাৰাক অমোঘ সিদ্ধি বুলি কোৱা হয়। এই দেৱী বিভিন্ন ৰূপৰ আৰু বিভিন্ন ৰঙৰ অধিকাৰী । দেৱী বজ্ৰযোগিনী আকৌ বৌদ্ধ ধৰ্মৰ আন এগৰাকী শক্তিশালী দেৱী। বৌদ্ধ ধৰ্মত এই সকল দেৱীক স্ত্ৰী – বুদ্ধ ( Female Buddhas) বুলি ধৰা হয়। পাঁচগৰাকী স্ত্ৰী – বুদ্ধক তান্ত্ৰিক বৌদ্ধ উপাসনাত বিশেষ স্থান দিয়া হৈছে। এওঁলোকৰ কাম – কাজো বিভিন্ন ধৰণৰ। সাধক বা উপাসক বা ভক্তক সুৰক্ষিত কৰি ৰখাই এওঁলোকৰ প্ৰধান কৰ্তব্য। মহাযান আৰু বজ্ৰযান বৌদ্ধ পৰম্পৰা অনুসৰণকাৰীসকলৰ বাবে, বিশেষকৈ চীনৰ বৌদ্ধ উপাসকসকলৰ বাবে হাজাৰ বাহুযুক্ত গুৱানয়িন ( Thousand – Armed Guanyin) দেৱীৰ বিশেষ ভূমিকা আছে। বৌদ্ধ চিন্তাৰ দেৱীৰ এই ৰূপে দুখ কষ্টেৰে ভৰা এই সংসাৰৰ শব্দবোৰ অহৰহ শুনি থাকে। তেওঁ সাধাৰণ জনৰ কষ্ট লাঘৱ কৰিব কাৰণে সদায় চেষ্টা কৰি থাকে। সাধাৰণ মানুহক দুখ – কষ্টৰ পৰা আঁতৰাই ৰাখিবলৈ এই দেৱীয়ে সকলো দিশত তেওঁৰ এহেজাৰ বাহু পৰম কৰুণাত মেলি দিয়ে। এই দেৱীয়ে ৰঙা সাজ পৰিধান কৰি পদুম ফুলৰ ওপৰত বহি থাকে। তেওঁৰ চৌপাশে থাকে এক নীলা আভা। যিবিলাক মানুহ আধ্যাত্মিক যাত্ৰাত আগবাঢ়ি যায়, তেওঁলোকক সহায় কৰিবলৈ এই দেৱীৰ ৩৭ খন হাতত থাকে বিভিন্ন পত্ৰ। ইপিনে আকৌ ভিয়েটনামত ‘ শিশুৰ সৈতে ‘কোৱান – আম ‘ ( Quan – Ām with Child) নামৰ স্ত্ৰী – বুদ্ধ গৰাকীয়ে সংসাৰী মানুহৰ জীৱনত আনন্দ দিবলৈ শিশুৰ ৰূপত অৱতাৰিত হয়। বৌদ্ধ সত্ত্বাৰ এই দেৱী নাৰীত্ব আৰু মাতৃত্বৰ একত্ৰ প্ৰতীক। এফালে দায়িত্ব, আনফালে মমত্ব।