যানজটত অতিষ্ঠ কুমাৰপাৰা পাঁচআলিৰ অঞ্চলবাসী
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পথ, পদপথ দখল কৰি একাংশ লোকে অবৈধভাৱে ব্যৱসায় চলোৱাৰ ফলত ঠাইবিশেষে তীব্র যানজটৰ সমস্যা সৃষ্টি হৈ আহিছে। ইয়াৰে এক অন্যতম উদাহৰণ হ’ল কুমাৰপাৰা পাঁচআলি কেআৰচি আৰু আৰু বিআৰপি পথ দুটা। কুমাৰপাৰা পাঁচআলিৰ উক্ত পথ দুটাৰ পথ আৰু পদপথ দখল কৰি একাংশ অনা-অসমীয়া ব্যৱসায়ীয়ে ব্যৱসায় চলাই অহাৰ ফলত অঞ্চলটোত বসবাস কৰা লোকসকলে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে। কুমাৰপাৰাৰ কেআৰচি পথ আৰু বিআৰপি পথৰ দুয়োকাষে ফাষ্টফুডৰ দোকান খুলি আৱাসিক অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে। সদাব্যস্ত এই পথ দুটা বেদখল কৰি অবৈধভাৱে ব্যৱসায় চলোৱাৰ ফলত প্ৰতিদিনে কুমাৰপাৰা পাঁচআলিত তীব্র যানজটৰ সৃষ্টি হৈ আহিছে। উক্ত পথটোতে কুমাৰ নাৰ্ছিং হোম, হৰিপ্রিয়া বিদ্যাপীঠ, এঞ্জেল ইংলিছ স্কুল, অকলেণ্ড স্কুল, বুঢ়াগোসাঁই থান, শান্তি সভাকে ধৰি বহুকেইটা ৰাজহুৱা অনুষ্ঠান-প্রতিষ্ঠান আছে। সদাব্যস্ত কুমাৰপাৰা পাঁচআলিত পথ, পদপথ বেদখল কৰি অবৈধ ব্যৱসায় চলাই অহা ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিয়ে পৌৰ আয়ুক্তক বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও এইক্ষেত্ৰত আজিপর্যন্ত পৌৰ নিগম কর্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। পৌৰ নিগম কর্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ সুযোগ লৈ কুমাৰপাৰা পাঁচআলিত দিনক দিনে ফাষ্টফুড ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। ফাষ্টফুডৰ দোকানত খাবলৈ অহা লোকসকলে পথৰ দুয়োকাষে পার্কিং কৰাৰ ফলত ব্যস্ত অঞ্চলটোত তীব্র যানজটৰ সৃষ্টি হৈ আহিছে। কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিয়ে শীঘ্ৰে কুমাৰপাৰা পাঁচআলিত পথ দখল কৰি অবৈধভাৱে ব্যৱসায় কৰি অহা লোকসকলক উচ্ছেদ কৰি অঞ্চলবাসীক সুচল যাতায়াত ব্যৱস্থা প্রদান কৰিবলৈ জিলা প্রশাসনক দাবী জনাইছে। শেহতীয়াকৈ মহানগৰবাসীক সুচল যাতায়াত ব্যৱস্থা প্ৰদানৰ স্বাৰ্থত দীঘলীপুখুৰীৰ পাৰত থকা দোকান-পোহাৰসমূহ পৌৰ নিগমে উচ্ছেদ কৰিছিল। ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘাৰে কুমাৰপাৰা পাঁচআলিত পথ, পদপথ দখলেৰে ব্যৱসায় কৰি অহা অবৈধ ব্যৱসায়ীসকলক উচ্ছেদ নকৰাত কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিয়ে জিএমচি কর্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে।