মৰীচিকা – এছ ইছলাম

মৰীচিকা
এছ ইছলাম, বৰপেটা 
জীৱনৰ হাজাৰ            আশা মোৰ
কলিতে মৰহি গ’ল,
জীৱনৰ বহুতো              কথা বোৰ
নোকোৱা সাধু হ’ল।
মৰুৰ বুকুত                পথ বিচাৰি
দিশহাৰা হ’লো,
জীৱন মৰুত             মৰম বিচাৰি
হাবাথুৰি খালোঁ।
জীৱন বেলি              মাৰ যাওঁ যাওঁ
জীৱনৰ বিয়লি বেলা,
ভুলৰ বুকুতে             শেষ হ’ল মোৰ
জীৱনৰ যত খেলা ।