মৰিগাঁও জে’লৰ পৰা পলাতক কয়দীৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জে’লৰ পৰা পলাতক কয়দীৰ মৃতদেহ উদ্ধাৰ। আব্দুল ৰছিদ ওৰফে ব্ৰইলাৰৰ নামৰ কয়দীটোৰ মৃতদেহ উদ্ধাৰ। লাহৰিঘাটৰ দেৱাগুৰিৰ এখন বিলত পলাতক কয়দী আব্দুল ৰছিদৰ মৃতদেহ উদ্ধাৰ।ঘটনাটোক লৈ এতিয়া সমগ্ৰ মৰিগাঁৱতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীৰ অভিযানৰ উমান পাই বিলত জাঁপ দিছিল আব্দুল ৰছিদে। অভিযানকাৰী আৰক্ষীয়ে বিলৰ পৰা উদ্ধাৰ কৰে আব্দুল ৰছিদৰ মৃতদেহ। বৃহস্পতিবাৰে তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী ভাঙি মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল ৫টা কয়দী। লোৰ গ্ৰীলৰ বেৰেক ভঙাৰ পাছত দুখন দেৱাল বগাই পলাইছিল নাবালিকা ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ পৃথক পৃথক গোচৰৰ অভিযুক্ত ক্ৰমে ছৰিফ উদ্দিন, জিয়াৰুল ইছলাম, নুৰ ইছলাম, মফিদুল ইছলাম আৰু আব্দুৰ ৰছিদে পলায়ন কৰিছিল । অভিযুক্তকেইটাৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছে মৰিগাঁও আদালতত । সম্প্ৰতি আৰক্ষীয়ে আব্দুল ৰছিদৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । একেদৰে বাকী ৪ পলাতক কয়েদীক বিচাৰিও আৰক্ষীয়ে অভিযান চলাই আছে । উল্লেখ্য যে চলিত বৰ্ষৰ ২৮ মে’ত আব্দুৰ ৰছিদৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাত ৰুজু হৈছিল নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ গোচৰ । লাহৰীঘাট আৰক্ষী থানাত ১০৫/২০২৪ নম্বৰত POCSO আইনৰ অধীনত কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ। এই গোচৰতেই লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বিগত মে’ মাহত জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল আব্দুৰ ৰচিদক ।