সকলোৱে কয় তুমি ইমান মৌন হৈ কিয় থাকা ?
কিন্তু সেই মৌনতাৰ আৰৰ কাহিনী কোনেও নোসোধে |
আৰু হয়তো মইয়ো নিবিচাৰো কোনোবাই সোধাটো |
কিন্তু কেতিয়াবা জানিবলৈ বৰ কৈ মন যায়,
তুমি বাৰু মোৰ কথা অলপো ভাবা নে ?
আমাৰ সেই পুৰণি স্মৃতিবোৰক মনত পেলোৱা নে ?
একেলগে কটোৱা সময়বোৰ মনত পৰে নে বাৰু তোমাৰ ?
কিমান হাঁহিৰে পাৰ কৰিছিলো সেই দিনবোৰ,
মাহবোৰ আৰু তেনেদৰে বছৰ |
কিন্তু, সেই সকলোবোৰ এতিয়া মাঁথো মোৰ স্মৃতি ডায়েৰীৰ পাতত আবদ্ধ হৈ আছে |
এতিয়া দেখোন মোৰ একোৱেই ভাল নলগা হৈ পৰিছে | অকলশৰে সময় কটাই ভাল লগা হৈছে |
মনত কোনো আশা, আকাংক্ষা নোহোৱা হৈ পৰিছে |
আৰু হয়তো সেই বাবে আজিকালি কান্দিবলৈ পাহৰি গৈছো কাৰণ, বেছি কষ্ট পালে মানুহে নাকান্দে |
-ইমন
Miss Imon Boruah
Vivekananda Kendra vidyalaya, Dhemaji
Address:-Dhemaji