মোৰ চাকৰিৰ ক্ষেত্ৰত তিনিজন ব্যক্তিয়ে ভগৱানৰ দৰে মোক সহায় কৰিছিল- নিখিলৰঞ্জন গোস্বামী

Pc Vector Stock

মোৰ চাকৰিৰ ক্ষেত্ৰত তিনিজন ব্যক্তিয়ে ভগৱানৰ দৰে মোক সহায় কৰিছিল

এখন অতি মূল্যবান গ্ৰন্থ ‘দিব্যবানী’ৰ (পঞ্চাছ দশকৰ)‘শিক্ষা আৰু শান্তি’ নামৰ এটা প্ৰৱন্ধত লিখিছে- ‘মনটো হ’ল বতাহ,যিটোৱে আমালৈ পৃথিৱীৰ সুগন্ধ, দুগন্ধ ইত্যাদি কঢ়িয়াই আনে। যেতিয়া মনটো দুগন্ধৰ ফালে যায়, তেতিয়া তোমালোকে বৰ আমনি পোৱা, কিন্তু যেতিয়া ই সুগন্ধৰ অভিমুখে আগবাঢ়ে অতি সুখী হোৱা। বতাহে চাৰিওকাষৰ মেঘবোৰ গোটাই অনাৰ দৰে, মনটোও তোমালোকৰ আত্মজ্ঞানলৈ বহুতো আশাৰ হতাশা বিলাক কঢ়িয়াই আনে, তাকেই এই মনটোয়ে বতাহে মেঘবোৰক আঁতৰাই পেলোৱাৰ দৰে মনৰ অন্ধকাৰবোৰ দূৰলৈ নিয়ে নাইবা সন্দেহৰ অন্ধকাৰত হেৰাই যোৱা যেন অনুভৱ কৰায়। মনটো শাসন কৰা, তেতিয়া স্থিৰভাৱে থাকিব পাৰিব। এইটোয়েই শান্তিৰ ৰহস্য।এইটো শিক্ষাকে মানুহে বিচাৰিব লাগিব, পাব লাগিব। আজিকালি আমি দেখিবলৈ পাওঁ, যিজন মানুহ অতি উচ্চশিক্ষিত তেওঁয়েই অতি অসুখী, তেতিয়াহ’লে তেওঁ ইমানবৰ কিতাপ পঢ়াৰ, ইমান মানুহৰ বিষয়ে বা বস্তুৰ বিষয়ে জনাৰ লাভ কি হ’ল?
মন আৰু বুদ্ধি আভ্যন্তৰীণ মানুহটোক বান্ধি থোৱা, এখন গৰুৰ গাড়ীত বন্ধা দুটা বলদৰ দৰে। বলদ কেইটা সত্য,ধৰ্ম, শান্তি প্ৰেমৰ পথেৰে সৈতে অপৰিচিত, গতিকে সিহঁতে সিহঁতৰ চিনাকী অসত্য, অন্যায়, অশান্তি আৰু ঘৃণাৰ পথেৰে গাড়ীখন চলাই লৈ যায়। কিন্তু তোমালোকে সিহঁতক সৎপথটো লবলৈ শিকাব লাগে যাতে যিখন গাড়ীৰ যুৱলিত সিহঁতক বন্ধা হৈছে সেই গাড়ীখনৰ আৰু তাৰ ভিতৰত থকা মানুহৰ কোনো অনিষ্ট নহয়।
মোৰ মনটো উৰা মাৰিলে ১৯৮৪-৮৫ চনত মই চাকৰি বিচাৰি যাত্ৰা কৰা শ্বিলঙলৈ তাৰ পৰা নিযুক্তিৰ প্ৰমাণ পত্ৰ লৈ উপস্থিত হোৱা ডিমাপুৰৰ “অসম ৰাইফলছ”ৰ প্ৰশিক্ষণ কেন্দ্ৰ ডিমাপুৰলৈ। ১৯৭৯ চনৰ অসম আন্দোলনত জড়িত হৈ থাকি লক্ষ্যভষ্ট হোৱাৰ দৰে হ’লো। কলেজত মন নবহিল। কলীয়া ডাৱৰে মন প্ৰাণ, হৃদয় আৱৰি পেলালে। যাৰ বাবে ,সেনা- বাহিনীতমকৰল হৈ ভাৰত মাতৃৰ সেৱা কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰোঁ।
নিযুক্তি পত্ৰ লৈ( Appointment Letter) ডিমাপুৰ পোৱাৰ পিছত ২৭ জনৰ Joining হ’ল দুৰ্ভাগ্যলোৰ নহ’ল কিয়নো ৬মাহ মোৰ বয়স বেছি হ’ল। ইয়াৰ ২৭ জনৰ ভিতৰত ১০ জন আমি অসমীয়া আছিলো। মোৰ Reject হোৱাত সেই কাৰ্যালয়ৰ দুজন অসমীয়া কৰ্মচাৰী মাননীয় কৃষ্ণকান্ত শৰ্মা আৰু দশৰথ দাস( এজনৰ ঘৰ টিহু মাখিবাহাত, আনজনৰ বৰপেটাত) এই দুজনে শীৰ্ষ বিষয়াৰ লগত কাজিয়া কৰি শ্বিলঙলৈ মেচেজ(Message) প্ৰেৰণ কৰাই ‘অসম ৰাইফলছ’ৰ সেই সময়ৰ মুৰব্বী পি.ই মেননৰ পৰা বয়স কম কৰাই চাকৰিত নিয়ুক্তি দি মহৎ উপকাৰ সাধন কৰে। Reply নহা পৰ্যন্ত তেওঁলোকৰ কোৱাটাৰত বৰ মৰম কৰি ৰাখিছিল। বৰ্তমানৰ পৰিৱেশ, পৰিস্থিতি, দয়া, মৰম, কৰুণাৰ অভাৱৰ অশুভ ক্ষণত হঠাৎ মনত পৰিছে সেই সকললৈ। তেড়াসবৰ মহানুভৱতা, দায়বদ্ধতাৰ কথা ভাবি মনতো বিমল আনন্দত বিভোৰ হ’ল যদিও সেই আনন্দ স্থায়ী নহ’ল। বৰ্তমানৰ প্ৰতিকুল বাতাবৰণে বহু কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে।

নিখিলৰঞ্জন গোস্বামী
কপাহেৰা, মৰিগাঁও