মৈৰাবাৰীত ড্ৰাগছ আসক্ত যুৱকৰ কৰ্ম কাণ্ডত অতিষ্ঠ হৈ গঞাই ললে পদক্ষেপ

মৈৰাবাৰীত ড্ৰাগছ আসক্ত যুৱকৰ কৰ্ম কাণ্ডত অতিষ্ঠ হৈ গঞাই ললে পদক্ষেপ

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তসেৱা- মুছলিম অধ্যুষিত অঞ্চল মৰিগাঁও জিলাৰ মৈৰাবাৰীত ড্ৰাগছৰ কৱলত পৰি একাংশ উঠি অহা প্ৰজন্ম নামি পৰিছে চুৰি কাণ্ডৰ লগতে বিভিন্ন অপৰাধ জনীত কৰ্মত।স্কুলীয়া ছাত্ৰৰ পৰা আদি কৰি কম বয়সীয়া যুৱকো হাৰি যোৱা নাই ড্ৰাগছৰ কৱলৰ পৰা।আনহাতে মৈৰাবাৰী আৰক্ষীয়ে দিনে নিশাই একাকাৰ কৰি এটাৰ পিছত এটাকৈ ড্ৰাগছ ব্যৱসায়ী সকলক জেল হাজোতলৈ প্ৰেৰণ কৰি আহিছে যদিও জেল হাজোতৰ পৰা মুক্তি লাভ কৰি আৰক্ষীৰ চকুত ধূলি দি আকৌ নামি পৰে সেই একেই কৰ্মত।এটা সময়ত ড্ৰাগছৰ ঘাটি ৰূপে পৰিণত হোৱা মৈৰাবাৰী অঞ্চলৰ পৰা আৰক্ষী সকলে ড্ৰাগছৰ প্ৰৱণতা কিছু পৰিমানে হ্ৰাস কৰিবলৈ সক্ষম হৈছে যদিও আজিৰ দিনতো মৈৰাবাৰীৰ আহে পাহে অৱস্থিত অঞ্চলবোৰত গোপনে চলিছে ড্ৰাগছৰ ব্যৱসায়।যাৰ পৰিণতি ভুগিব লগা হৈছে সাধাৰণ ৰাইজৰ লগতে ড্ৰাগছ আসক্ত সকলৰ পৰিয়ালৰ লোকে। ড্ৰাগছ ব্যৱসায় কৰি কেইবাবাৰো জেললৈ যোৱা পশ্চিম মৈৰাবাৰীৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী কাজিম উদ্দীনক কেইবা মাহ পূৰ্বে মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।সেই কাজিম উদ্দীনৰ পৰিয়ালৰ আন এজন যুৱকক কালি নিশা পশ্চিম মৈৰাবাৰীৰ একাংশ ৰাইজে চুৰি কৰিবলৈ যাওঁতে হাতে লুটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।কুখ্যাত কাজিম উদ্দীনৰ ভতিজা ড্ৰাগছ আসক্ত শুকুৰ আলিয়ে অঞ্চলটো গঞা সকলৰ ঘৰৰ পৰা-মবাইল ফোন, চাইকেল,হাঁহ-মুৰ্গী, ছাগলী আদিৰ লগতে ঘৰত ব্যৱহাৰ কৰা সা সামগ্ৰী চুৰি কৰি অঞ্চলটোৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছিল।হাৰি যোৱা নাছিল মছজিদো।উপায়ন্তৰ হৈ স্থানীয় ৰাইজে সৰ্বসন্মতি সহ চহী সম্বলিত এখনি এজাহাৰ সহ ড্ৰাগছ আসক্ত যুৱক শুকুৰ আলিক মৈৰাবাৰী আৰক্ষী থানাত চমজাই দিয়ে।আনহাতে উক্ত অঞ্চলটোত ড্ৰাগছ আসক্ত আন কেইবাটাও যুৱকক অতি সোনকালে ড্ৰাগছ এৰিবলৈ সকীয়নী প্রদান কৰে।স্থানীয় ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে লোৱা এনে পদক্ষেপক বিভিন্ন দল সংগঠন ও মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া ছাবিৰ আলিৰ লগতে অঞ্চলৰ ড্ৰাগছ বিৰোধী ৰাইজে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।