মেধাভিত্তিক ৩৮৫ জনক নিযুক্তি

মেধাভিত্তিক ৩৮৫ জনক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ নিৰন্তৰ যাত্ৰা অব্যাহত ৰাখি পুনৰ ৩৮৫ গৰাকী প্ৰাৰ্থীলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰে৷  গুৱাহাটীত প্ৰদান কৰা নিযুক্তি পত্ৰৰ ফলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাৰ্যকালত বৰ্তমানলৈকে প্ৰদান কৰা নিযুক্তিৰ সংখ্যা ১,২৫০৩০ লৈ বৃদ্ধি পালে। মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷