মেট্ৰিক পৰীক্ষাৰ ভূগোল প্ৰশ্নকাকত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত ৬জনক আটক
ৰঙিলী বাৰ্ত্তাসেৱা- মেট্ৰিক পৰীক্ষাৰ ভূগোল প্ৰশ্নকাকতক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰা ৬ জনক ছাত্ৰকআটক। ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত শিৱসাগৰত আটক কৰা হৈছে ৬জন শিক্ষাৰ্থীক।শিৱসাগৰ আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰে ৬ শিক্ষাৰ্থীক।আটাইকেইগৰাকী শিক্ষাৰ্থীক আৰক্ষী অধীক্ষকৰ কাৰ্যালায়ত জেৰা কৰা হৈছিল। নিশা জেৰাৰ অন্তত ৫ গৰাকী শিক্ষাৰ্থীক যাবলৈ দিয়া হয়। এজন ছাত্ৰক ওৰে নিশা মাৰাথান জেৰা চলায় আৰক্ষীয়ে।