মেঘৰ সিপাৰে
ৰুদ্ৰ কবিলাস
কটন বিশ্ববিদ্যালয়, পাণবজাৰ
মেঘৰ ছবি আঁকিম বুলি জ্বলাই লৈছিলো এটি চিগাৰেট
তাই আহি ক’লে
: পশ্চিমৰ আকাশত মেঘে ডোলা দিছেই… আজি আকৌ ছবি আঁকিব নালাগে দিয়া ধোৱাময় হৈ ৰং বোৰ খেলি মেলি হ’ব এইবুলি চিগাৰেটতো তাই কাঢ়ি লৈ গ’ল আৰু ক’লে আপুনি এখন মানচিত্রকে আঁকিব….
: কি কৰিম সেইখনেৰে ? য’ত কোনো ছবি নাই, য’ত কোনো ঘৰ নাই, য’ত কোনো মানুহৰ কোনো ঠিকনা নাই ?
আৰম্ভণিবোৰ উকাকৈয়ে হয়… তাৰ পিছত ঠিক কৰা হয় কি দৰেই সজোৱা হ’ব ছবি বোৰ, কি দৰে ঠিকনা পাব পাৰি মানুহবোৰৰ কি দৰে বিছাৰি উলিয়াব পাৰি মৰম বোৰ আৰু…
: আৰু কি ?
: ভালপোৱাবোৰ…
হাতখন খামুচি তাই ক’লে
: মানুহবোৰ, মৰমবোৰ, ঠিকনাবোৰ এইবোৰ সকলো উপহাস মাথোঁ সময়ৰ
আৰু ভালপোৱাবোৰ অভিনয় মাথোঁ দুদিনৰ জীৱনৰ…
কিছু সময় মৌনতা আৰু এজাক ফিৰ ফিৰিয়া বতাহ…
এৰাহ কি যে বলিকিছো বাদ দিয়া এইবোৰ আকাশখন বৰকৈ ক’লা হৈ আহিছে কিছু পৰ পাছত হয়তো বৰষুণ নামিব….
: আপোনাৰ দৰেই মই নহয় বৰষুণক ভয় কৰা, মই বৰষুণ ভালপাওঁ
: প্ৰেমৰ বৰষুণত তিতি বিষাদৰ বান ভাহি যোৱা হয়তো তুমি নুবুজিবা…. চিগাৰেটতো দিয়া আৰু তুমি যোৱা গৈ… আকাশখন…….
ৰৈ গৈছিল শব্দবোৰ হুমুনিয়াহ কেইটামানৰ লগতে কিন কিন কৈ সৰিছিল বৰষুণৰ টোপালবোৰ…. কাষতে পৰি আছিল চিগাৰেটতো আৰু কেইটামান কাঠি আৰু একোছা দীঘলীয়া চুলিৰ সৈতে এটি ছায়া…. পিছলৈ ঘুৰি দেখো দক্ষিণৰ আকাশত লাহে লাহে ওলাই আহিছিল মেঘৰ সিপাৰৰ পৰা জোন ।