মূল্যবৃদ্ধি ৰোধ কৰক, নহ’লে গাদী এৰি দিয়ক’ : গুৱাহাটীৰ ৰাজপথত জাতীয় পৰিষদৰ গণ-বিক্ষোভ

pc- assamjatiyaparishad.org

মূল্যবৃদ্ধি ৰোধ কৰক, নহ’লে গাদী এৰি দিয়ক’ : গুৱাহাটীৰ ৰাজপথত জাতীয় পৰিষদৰ গণ-বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘মূল্য বৃদ্ধি ৰোধ কৰক, নহ’লে গাদী এৰি দিয়ক’ – এই শ্লোগানেৰে গুৱাহাটী মহানগৰীৰ ৰাজপথ উত্তাল কৰি তোলে অসম জাতীয় পৰিষদে৷ পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দলৰ সহস্ৰাধিক কৰ্মীয়ে মহানগৰীৰ টিচি পইন্টৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰি যাওঁতে চাৰিবাৰকৈ আৰক্ষীয়ে স্থাপন কৰা বেৰিকেট ওফৰাই আগবাঢ়ি যায় আৰু ৰাজভৱনৰ সন্মুখত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ পদযাত্ৰা কালত কেইবাঠাইত প্ৰতিবাদকাৰীৰ সৈতে হতাহতিত লিপ্ত হয় আৰক্ষী৷ আৰক্ষীৰ আক্ৰমণত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হয়৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰায় দুঘন্টজুৰি চলা ঠেলা-হেঁচা, টনা-আঁজোৰা, খেদাখেদি আৰু সশস্ত্ৰ চি আৰ পি এফৰ দ্বাৰা ৰচনা কৰা বেহু ভাঙি ৰাজভৱনত উপস্থিত হোৱা দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ প্ৰতিনিধি দলে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে৷ উল্লেখযোগ্য যে খাদ্য সামগ্ৰীৰ পৰা ঔষধলৈ তথা পেট্ৰ’ল-ডিজেল-ৰন্ধন গেচৰ পৰা আৰম্ভ কৰি নিৰ্মাণ সামগ্ৰীলৈ সকলোতে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনজীৱন বিপন্ন কৰি তুলিছে৷ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ক্ষমতাত থকা বিজেপি দলৰ চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সলনি নিজৰ স্বাৰ্থান্বেষী কাম-কাজেৰে মূল্যবৃদ্ধি হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ অৰিহণা যোগাই আহিছে৷অসম জাতীয় পৰিষদে চৰকাৰৰ এনে জনবেৰোধী কাৰ্যৰ প্ৰতিবাদত তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত ৰাজভৱনলৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ এই কাৰ্যসূচী হাতত লয়৷ সেই মৰ্মে দিনৰ ১২ বজাত গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাব টি চি পইন্টত দলৰ সহস্ৰাধিক নেতা-কৰ্মী সমৱেত হয়৷ সমৱেত প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে বাঁহৰ বেৰিকেট স্থাপন কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি নিবলৈ বহুকেইখন চিটি বাছ সাজু কৰি আনে৷ প্ৰথমে তেওঁলোকে আৰক্ষীৰ বেৰিকেট ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে বাধা দিয়ে আৰু তাতেই মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত তথা চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে৷ এনেদৰে বেৰিকেটৰ সন্মুখত ৰৈ কিছুসময় শ্লোগান দি প্ৰতিবাদকাৰীসকলে আচম্বিতে পথ সলনি কৰি বিপৰীত দিশে অগ্ৰসৰ হ’বলৈ ধৰে৷আৰক্ষী-নিৰাপত্তাৰক্ষী সকলে এই কৌশল ধৰিব নোৱাৰি চেদেলি-ভেদেলি হৈ পৰে আৰু এই সুযোগতে দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিপৰীত দিশৰ বেৰিকেট ভাঙি গুৱাহাটী ক্লাব-বাৰোৱাৰী পথেৰে ৰাজভৱনলৈ উদ্দেশ্যি পদযাত্ৰা আৰম্ভ কৰে৷ৰাজভৱনলৈ যাত্ৰা কৰা পথত আৰক্ষীয়ে চাৰিটা পৃথক স্থানত বেৰিকেট বহুৱায় যদিও প্ৰতিবাদকাৰীসকলে আটাইকেইটা বেৰিকেট ভেদ কৰি ৰাজভৱনৰ সন্মুখত উপস্থিত হয়৷ বেৰিকেট ভেদ কৰিবলৈ যোৱা প্ৰতিবাদকাৰীক বাধা দিবলৈ যোৱা আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ কেইবা ঠাইত ঠেলা-হেঁচা আৰু হতাহতিৰ সৃষ্টি হয়৷ বেৰিকেট অতিক্ৰম কৰি আগবাঢ়ি যোৱা প্ৰতিবাদকাৰীক ৰখাবলৈ কেইবাঠাইত আৰক্ষীয়ে তেওঁলোকক খেদি যায় যদিও ব্যৰ্থ হয়৷ আনহাতে সমদলকাৰীক বাধা দিয়াৰ নামত অসম আৰক্ষী সেৱাৰ এগৰাকী বিষয়াই অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰীৰ ডিঙিত চেঁপি ধৰাৰ ফলত বসুমতাৰীৰ ডিঙিৰ ছাল ফাটি তেজ নিৰ্গত হয়৷ জাতীয় যুৱ শক্তিৰ কামৰূপ মহানগৰ সমিতিৰ মুখ্য আহ্বায়ক জিন্টু ডেকাৰ বুকুত এগৰাকী আৰক্ষীয়ে গতা মাৰি দিয়াৰ ফলত ডেকাৰ মুখেৰে তেজ ওলাই আহে৷ আহত ডেকাক মহেন্দ্ৰমোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন কৰোৱা হয়৷ তদুপৰি গীতা ৰাভা নামৰ আন এগৰাকী দলীয় সদস্য আৰক্ষীৰ আক্ৰমণত আহত হয়৷ এনেদৰে ঠেলা-হেঁচা, টনা-আঁজোৰা, খেদাখেদিৰে প্ৰায় ডেৰ কিলোমিটাৰ পথ প্ৰায় এঘন্টা সময় পদযাত্ৰা কৰি প্ৰতিবাদকাৰীসকল ৰাজভৱনৰ সন্মুখত উপস্থিত হয় আৰু তাতে আৰক্ষীয়ে তেওঁলোকক আটক কৰি লতাশিল থানালৈ লৈ যায়৷ আনহাতে দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ৰাজভৱনলৈ গৈ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ হাতত স্মাৰক পত্ৰ অৰ্পণ কৰে৷ দলৰ সভাপতিৰ লগতে কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু মুখ্য উপদেষ্টা বসন্ত ডেকাৰে গঠিত প্ৰতিনিধি দলটোৱে ৰাজ্যপালক প্ৰদান কৰা স্মাৰক পত্ৰখনত অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে কেনেকৈ জনজীৱন বিপন্ন কৰি তুলিছে তাৰ বৰ্ণনা দিয়াৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ হকে চৰকাৰখনে যে একো ব্যৱস্থা গ্ৰহণ কৰা নাই সেই কথা উল্লেখ কৰি সেয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা লবলৈ দাবী জনায়৷ আৰক্ষীৰ আক্ৰমণক গৰিহণা  অসম জাতীয় পৰিষদৰ গণগৰ্জন কাৰ্যসূচীত ভাগ লোৱা প্ৰতিবাদকাৰীক আৰক্ষীৰ লোকে আক্ৰমণ কৰি আহত কৰা ঘটনাক দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই গৰিহণা দিয়ে৷ নেতাদ্বয়ে কয় যে ৰাইজৰ জীৱন-জীৱিকাৰ সৈতে জড়িত বিষয়ক লৈ প্ৰতিবাদ কৰিবলৈ যোৱা লোকৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰা কাৰ্যত চৰকাৰখনৰ মন-মানসিকতা প্ৰতিফলিত হৈছে৷ যিসময়ত অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ বাবে চকুৰে ধুঁৱলি-কুঁৱলি দেখিছে, তেনে সময়ত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি সমগ্ৰ মন্ত্ৰীমণ্ডল ভোট বিচৰাৰ নামত বহুৱালি কৰাত ব্যস্ত৷ ৰাইজৰ দুৰ্দশাই তেওঁলোকৰ অন্তৰ চুব পৰা নাই৷ এনে এখন চৰকাৰৰ আচলতে ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই৷ একমাত্ৰ নিজৰ ঐশ্বৰ্য-বিভুতি ঘটা আৰু দলৰ শক্তি বৃদ্ধি কৰাটো বিজেপি দল আৰু তেওঁলোকৰ চৰকাৰৰ যে একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য সেই কথা লুকাই থকা নাই৷ চৰকাৰখনৰ এনে স্বাৰ্থান্বেষী আৰু ফেচীবাদী কাৰ্যৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি থিয় দিয়াৰ সময় আহি পৰিছে বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷