মুলায়ম সিং যাদৱক চিকিৎসালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ

মুলায়ম সিং যাদৱক চিকিৎসালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অমিত শ্বাহে চিকিৎসালয়ত মুলায়ম সিং যাদৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, ‘এটা যুগৰ সমাপ্তি’ …। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰি ইয়াক ভাৰতীয় ৰাজনীতিত এক যুগৰ সমাপ্তি বুলি অভিহিত কৰে। গৃহমন্ত্ৰীয়ে প্ৰথমে টুইটাৰযোগে মুলায়ম সিং যাদৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁ গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত উপস্থিত হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। শ্বাহে তেওঁৰ টুইটত কয় যে সমাজবাদী পাৰ্টিৰ সৰ্বোচ্চ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক সদায় এজন “তৃণমূল নেতা” হিচাপে স্মৰণ কৰা হ’ব।গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি কয়, “মুলায়ম সিং যাদৱে তেওঁৰ অনন্য ৰাজনৈতিক দক্ষতাৰে কেইবা দশক ধৰি ৰাজনীতিত সক্ৰিয় আছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত, তেওঁ গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মাত মাতিছিল। তেওঁক সদায় এজন তৃণমূল গণ নেতা হিচাপে স্মৰণ কৰা হ’ব। তেওঁৰ মৃত্যুৱে ভাৰতীয় ৰাজনীতিত এক যুগৰ সমাপ্তি চিহ্নিত কৰে।”