মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাৰ নতুন অভিলেখ

pc the Statesman

মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাৰ নতুন অভিলেখ

অনলাইন বাৰ্ত্তাসেৱা – টি-২০ লীগ আই. পি. এল.ত অন্য এক নতুন অভিলেখ ৰচিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই। আই. পি. এল.ৰ ইতিহাসৰ সবাতোকৈ সফল অধিনায়ক হিচাপে পৰিচিত তাৰকা ৰোহিত শৰ্মাই আই. পি. এল.ত ক’লকাতা দলৰ বিৰুদ্ধে ১ সহস্ৰাধিক ৰান সংগ্ৰহ কৰে আৰু প্ৰথমগৰাকী বেটছমেন হিচাপে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়। আবুধাবিত ক’লকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলা মেচখনত ৰোহিতে এই বিৰল অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হয়।