মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে কেৰালা কংগ্ৰেছৰ মুৰব্বীৰ বিৰুদ্ধে গোচৰ ৰুজু 

Pc- ANI News

মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে কেৰালা কংগ্ৰেছৰ মুৰব্বীৰ বিৰুদ্ধে গোচৰ ৰুজু 

ৰঙিলী বাৰ্ত্তাসেৱা-   আৰক্ষীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ আৰু দলৰ মুৰব্বী কে সুধাকৰণৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। চিপিআই(এম) কেডাৰৰ অভিযোগৰ ভিত্তিত কোচি মহানগৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ১৫৩ ধাৰাৰ অধীনত গোচৰটো পঞ্জীয়ন কৰিছিল। মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ ওপৰত কৰা “dog with broken chain” মন্তব্যৰ বাবে সুধাকৰণৰ এপৰত গোচৰ ৰুজু কৰা হৈছিল। লক্ষণীয়ভাৱে, এলডিএফে সুধাকৰণৰ মন্তব্যক “অত্যন্ত নিন্দনীয়” বুলি অভিহিত কৰিছে।