মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰক দলৰ হৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

p.c. Facebook

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰক দলৰ হৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বছৰৰ প্ৰথমখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে দিনে-নিশাই অতন্দ্ৰ প্ৰহৰীৰ দৰে সেৱা আগবঢ়াই অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰক দলৰ হৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। সংবাদ মেলখনৰ জৰিয়তে যোৱা বৰ্ষটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যি সংস্কাৰমুখী তথা বিকাশমুখী যাত্ৰাৰে অসমৰ ৰাইজৰ লগতে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি জনকল্যাণ মূলক আঁচনি তথা জনহিতকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে সেই বিষয়ে পৰ্যালোচনা আগবঢ়াই।লগতে ক’ভিড মহামাৰী বিৰুদ্ধে সজাগতা বৃদ্ধি, ড্ৰাগছ তথা অপৰাধ মূলক কাৰ্যকলাপৰ বিৰুদ্ধে গৃহ বিভাগে লোৱা পদক্ষেপ,দালালৰ বিৰুদ্ধে, ৰাজ্য খনৰ বহু অঞ্চলত বহু বছৰ ধৰি বেদখল হৈ থকা ভূমিত উচ্ছেদ অভিযান চলোৱা আৰু দুৰ্ঘটনা মুক্ত অসম গঢ়াৰ নিমিত্তে হেলমেট পৰিধান কৰা আদি বহু গুৰুত্বপূৰ্ণ পদক্ষেপ তথা সজাগতা মূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক  ধন্যবাদ জনাই। বিগতবৰ্ষত প্ৰতিটো ক্ষেত্ৰতে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সংবাদসেৱী সকলে চৰকাৰক সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।