মুখ্যমন্ত্ৰীয়ে অনিমেষৰ ঘৰত দিয়া ৫ লাখ টকাৰ চেকখনৰ বাহিৰে এবছৰে একোৱেই নহ’ল
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটৰ অনিমেষ হত্যাকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ হ’ল।২০২১ বৰ্ষৰ আজিৰ দিনটোতে যোৰহাট নগৰৰ মাজমজিয়াত একাংশ মানৱৰূপী দানৱৰ নৃশংসতাত মৃত্যুক সাবটি লৈছিল আছু নেতা অনিমেষ ভূঞাই।কিন্তু আজিও ন্যায়ৰ আশাত নীৰৱে চকুলো টুকিছে অনিমেষৰ মাতৃয়ে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনিমেষৰ ঘৰত দিয়া ৫ লাখ টকাৰ চেকখনৰ বাহিৰে ক’বলৈ গ’লে একোৱেই নহ’ল।একাংশ উন্মত্ত লোকৰ আক্ৰমণত প্ৰাণ হেৰোৱাব লগা হোৱা অনিমেষ ভূঞাৰ মৃত্যুয়ে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যখনকে জোকাৰি গৈছিল।ৰাজ্যৰ সৰ্বত্ৰে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী উঠিছিল। কিন্তু সময়ত সকলো অসাৰ হ’ল। সেয়ে আজিও ন্যায়ৰ অপেক্ষাত আশাৰে অপেক্ষা কৰি আছে অনিমেষৰ পৰিয়াল।