মুক্তি
নোৱাৰোঁ থাকিব এইখন পৃথিৱীত
যত নাই অকণো শান্তি,
চাৰিওফালে কেৱল কটা- মাৰা
যেন ধ্বংসৰ সৃষ্টি।
প্ৰতিটো সম্পৰ্কৰ আৰম্ভণি হয়
মিঠা নামৰ এটা অদ্ভুত শব্দৰে,
কিন্তু তাৰ শেষ পৰিণতি হয়
তিতা নামৰ এটা কুশ্ৰী ত শব্দৰে।
মানুহে নিজৰ স্বাৰ্থৰ বাবে
আনক দুখ দিব পাৰে
আনক কষ্ট দিব পাৰে
আনকি,
মানুহে মানুহক মাৰিও পেলাব পাৰে।
এই, পৃথিৱীত এতিয়া কেৱল
স্বাৰ্থপৰ ৰ ৰাজত্ব। সেইবাবে নোৱাৰোঁ নোৱাৰোঁ মই
জীয়াই থাকিব – মোক লাগে কেৱল
মুক্তি
মুক্তি
মুক্তি……..
সীমা দাস..