আইডেল কেলেংকাৰীত জড়িত উপাচাৰ্য ড০ কন্দৰ্প দাসক ৰাজ্যপালৰ নিলম্বন 

আইডেল কেলেংকাৰীত জড়িত উপাচাৰ্য ড০ কন্দৰ্প দাসক ৰাজ্যপালৰ নিলম্বন 

অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কন্দর্প দাসক তেওঁৰ প্রশাসনীয় তথা সাংবিধানিক ক্ষমতাৰ অধীনত উপাচার্য পদৰ পৰা নিলম্বিত কৰে। ২০১০ চনৰ পৰা ২০১৭ চনলৈ ড০ কন্দর্প দাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলৰ সঞ্চালক হৈ থকাৰ সময়ত  ইউ জি চিৰ অনুমোদন নথকা ২১টা বিষয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰাইছিল। কেগৰ এক প্ৰতিবেদনত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল আৰু ইউ জি চিৰ অনুমোদন নোহোৱাকৈ ২১টা বিষয়ত নামভৰ্তি কৰা ৭০ হেজাৰতকৈও অধিক শিক্ষার্থী বিপদত পৰিছিল। ২১টা ইউ জি চি বহিঃর্ভুত পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাই নহয় আনকি তেওঁ আইডলত কেইবাগৰাকী সহকাৰী অধ্যাপকক অবৈধভাৱে নিযুক্তি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷ সমগ্ৰ প্ৰক্ৰিয়াত কেইবা কোটি টকাৰ ভয়াৱহ দুৰ্নীতি সংঘটিত হৈছিল বুলিও তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল।

(R.T)