মুক্তি – সবিতা বেগম

Pc RJOnTour
মুক্তি
সবিতা বেগম,পাকাবেত বাৰী পাম
যদিহে সম্ভৱ হয় ,
তেন্তে —
নিশ্চিহ্ন কৰিলোঁহেঁতেন নিজকেই
আৰু মোৰ বিভৎস্য আলেখ্যক।
নালাগে ! নালাগে মোৰ
পৃথিৱী জন্মৰ ইতিহাস
কিম্বা নতুন যুগৰ বাৰ্তা।
ইচ্ছা আৰু নাই
আশাৰ ক্ষীণ পোহৰত
কল্পনাৰ ৰচনা লিখিবলৈ।
নাইবা নতুন নতুন সূৰুযৰ
পথচাৰী মই আৰু নহওঁ।
এতিয়া সংগ্ৰাম আৰু নকৰোঁ
আশ্ৰয় নাইবা অধিকাৰ বিচাৰি।
কাৰণ ,
জন্মৰ পৰাই মৃত্যু সমাগত মোৰ ।
ব্যস্ততাৰ প্ৰতিটো চিন্তাত
প্ৰসৱ এটি জীৱন্ত মৃত্যুৰ
দুৰ্বাৰ সময়ত অভিশপ্ত মাতৃ।
আজি মৃত্যুৱে হাঁহিছে মৃত্যুৰ কাষৰ
সাগৰত বোলে সূৰুযৰ জন্ম।
হয় , হাঁহিবলৈ সঁচাকৈ বাধ্য
সকলো বিবৰ্তন
ক্ষণিকৰ তেজৰঙা ছবি
মুক্তিৰ নিবেদন ……।