মিৰ্জাত ‘গণ সাহিত্য সাংস্কৃতিক মঞ্চ’ৰ সৌজন্যত ‘শিল্পী দিৱস’ উদ্‌যাপন

মিৰ্জাত ‘গণ সাহিত্য সাংস্কৃতিক মঞ্চ’ৰ সৌজন্যত ‘শিল্পী দিৱস’ উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘গণ সাহিত্য সাংস্কৃতিক মঞ্চ,মিৰ্জা’ৰ উদ্যোগত ১৭ জানুৱাৰীত স্থানীয় দক্ষিণ কামৰূপ মহাবিদ্যালয় প্ৰাঙ্গণত গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ‘শিল্পী দিৱস’ উদযাপন কৰা হ’য়। কাৰ্যসূচীৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট চিকিৎসক ডা: গিৰীশ বৰুৱা আৰু মাল্যদান কৰে বিশিষ্ট নাট্যকাৰ জীৱন চন্দ্ৰ ভূঞাই।ইয়াৰ পিছত মঞ্চৰ সভাপতি প্ৰফুল্ল দাসৰ সভাপতিত্বত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ সম্পাদক মুকুল কুমাৰ দাসে। সভাৰ আৰম্ভণিত মঞ্চৰ শিল্পীবৃন্দই জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিটা গীত পৰিৱেশন কৰে।ইয়াৰ পিছত বিশিষ্টা লেখিকা কল্পনা কুমাৰী দাসে কবিতা আবৃতি কৰাৰ লগতে জ্যোতিপ্ৰসাদৰ কবিতা,গীত আৰু নাটৰ চমু আলোকপাত কৰে। নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই বিশিষ্ট লেখক গোলাপ ভৰালীয়ে। মঞ্চৰ সভাপতি বিশিষ্ট লেখক প্ৰফুল্ল দাসৰ ‘অনুভৱ’ নামৰ গ্ৰন্থ এখন সভাত উন্মোচন কৰা হ’য়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্যিক ড৹ উমেশ ডেকাই মুখ্য অতিথিৰ আসন অলংকৃত কৰাৰ লগতে গ্ৰন্থখন উন্মোচন কৰে।অনুষ্ঠানত কামৰূপীয়া লোকগীতৰ বিশিষ্ট অনাতাঁৰ শিল্পী বংশীধৰ দাসে লোকগীত পৰিৱেশন কৰি শ্ৰোতাক আপ্লুত কৰে।কাৰ্যসূচীত দীপ্তি গোস্বামী শৰ্মাৰ স্বৰচিত কবিতা আবৃত্তি, মিনু কলিতা,ৰুবী ভূঞা কলিতা,বৰ্ণালী বড়া,ভানু নাথ কুমাৰ আৰু শিশু শিল্পী প্ৰীতিশা প্ৰিয়দৰ্শিনী, দীয়া ভৰালী, অংকিতা চৌধুৰীয়ে জ্যোতিসংগীত পৰিৱেশন কৰে।এক প্ৰেছ বিজ্ঞপ্তিত মঞ্চৰ সম্পাদক মুকুল কুমাৰ দাস আৰু সহ-সম্পাদক বাসুদেৱ শৰ্মাই শিল্পী দিৱসৰ কাৰ্য্যসূচীসমূহ সফলভাৱে ৰূপায়ণ হোৱাত সংশ্লিষ্ট সকলোৰে শলাগ লয়।