মা – মামণি পাপৰি বৰুৱা বৰা

PC - Vecteezy
মা
মামণি পাপৰি বৰুৱা বৰা, কলিয়াবৰ
মা, তুমি অক্ষয় মহিমাৰে  মহিমামণ্ডিত
গৰ্ভধাৰিণী , প্ৰভুৱে গঢ়া নিটোল ৰূপৰ অধিকাৰী।
তুমি অপৰূপা সদায়েই আমাৰ বাবে
তুমি মমতাময়ী,আৱেগৰ বেষ্টনী সংগ্ৰামী সত্বা।
তোমাতেই স্বৰ্গ, তোমাতেই মৰ্ত
তোমাতেই বিচাৰি পাওঁ সৌভাগ্যৰ সুত্ৰ।
তোমাৰ সুহৃদ বুকুৰ অমৃত পান কৰি
তোমাৰ কোমল  আশ্ৰিত কোলাত জিৰণি লৈ
তোমাৰ সাত্বিক সান্নিধ্যত জীৱন গঢ়ি
আমি পোণাও এটা সুদৃঢ় বাটেৰে
জীৱনৰ অন্বেষণত।
তোমাৰ ত্যাগ কষ্ট তোমাৰ অসীম সাহস আৰু ধৈৰ্য
সন্তানৰ দায়িত্ব পালনৰ এক দৃঢ় সংকল্প।
তোমাৰ সততাৰ পাঠ পঢ়ি পঢ়ি
আধ্যাত্মিক বৌদ্ধিক জ্ঞানেৰে পৰিপুষ্ট হৈ
সুফলা কৰোঁ আমাৰ ভৱিষ্যত।
তেনে মাতৃৰ বৃদ্ধত্বৰ দূৰ্দিনৰ সময়ত
কিয় যুদ্ধভূমি হৈ পৰে জীৱন!!
তোমাৰ জীৱনৰ উশাহ-নিশাহ আজি নাই
মা,তোমাক হেৰুৱাই আজি মই মাতৃহীনা সন্তান,
মোৰ ভগ্ন বুকুত আছা তথাপি তুমি প্ৰতি পল অনুপল ।
তোমাৰ মৰম আস্থা আৰু আশীৰ্বাদ লৈ
আগুৱাই যাম কঠিন জীৱন যাত্ৰাত।
আজি মাতৃ দিৱসত তোমালৈ যাচিছো এবুকু মৰম আৰু সেৱা।
য’তেই আছা কুশলে থাকা।
সন্তানৰ বাবে মাতৃ প্ৰেৰণাময়ী হোৱাৰ দৰেই
মাতৃৰ বাবেও দয়া, মায়া মমতাৰ আধাৰ হোৱা ,
এটা দিন মা,ৰ বাবে নহয়
সদায়েই মমতাৰ আৱেষ্টনীত ৰাখি সুখী কৰাৰ
পন লঁও আহক সবে,শিকাও সন্তানক সজ নীতি
তেতিয়া হয়তো ভৱিষ্যতৰ পথত আমাৰ সন্তানে
আমাৰ বাবে গঢ়িব এখন সুখন আচ্ছাদন।