মা- ময়ূৰাক্ষী গগৈ

pc Pinterest

মা

‘মা’ কি যে মধুৰ কোমল শব্দ
হৃদয় খন শাঁত পৰি যায়।
মা তুমি অনন্যা,
তুমি যে ত্যাগ,সাহস আৰু ধৈৰ্যৰ প্ৰতীক।
মা,তোমাৰ কাষত থাকিলে
সন্তানে নিজকে অতি সুৰক্ষিত অনুভৱ কৰে।
মা, তুমি সন্তানৰ ত্ৰাণকৰ্তা ভগৱান স্বৰূপ।
মা, তুমি বহু কষ্ট আৰু ত্যাগেৰে
সন্তানক লালিত-পালিত কৰা।
তুমি সন্তানৰ সুখ-দুখত সমভাগী হোৱা।
তুমি সন্তানৰ জীৱনৰ গুৰি-বঠা স্বৰূপ।
মা, তুমিয়েই সন্তানৰ প্ৰথম শিক্ষাগুৰু।
তোমাৰ ধাৰ আমি
জীৱনত শুজিব নোৱাৰোঁ।
এই পৃথিৱীত তোমাৰ সমান
কোনোৱেই হ’ব নোৱাৰে।
হে জন্মদাত্ৰী বুকুৰ আপোন আই
তোমাৰ ওচৰত চিৰকৃতজ্ঞ।

ময়ূৰাক্ষী গগৈ