মানুহ যেন অমানুহ হ’ল – এছ ইছলাম

Pc Peakpx
মানুহ যেন অমানুহ হ’ল
এছ ইছলাম, শিক্ষক, বৰপেটা
সূৰ্যটোক ঢাকি ৰাখিব নোৱাৰোঁ
সত্য লুকুৱাই ৰাখিব পাৰোঁ
কিন্তু কোনোবা দিনত
নিশ্চয় ওলাই পৰিব।
সংস্কাৰবিহীন সমাজত
ঈশ্বৰে যেন একো নকয়
সত্যবাদীয়েও কম্পমান হয়
ব্যভিচাৰ ভ্ৰষ্টাচাৰৰ লগত
মূৰ ডাঙি থিয় দিয়ে
হত্যা ধৰ্ষণ লুণ্ঠন!
মানুহ যেন অমানুহ হ’ল
পৃথিৱীখন ক’লা ডাঁৱৰে আগুৰিলে
মনুষ্যই অসত্যৰ পথ বাচি ল’লে
সম্পৰ্কত ফাট মেলিলে!
অভিশপ্ত নিশাত
সৌ সিদিনা চক্ৰবেহু পাতি
বংশই বংশৰ তেজ খালে
শামুকৰ খোলাহৈ পৰিল
জোনমনিৰ নিঠৰুৱা দেহা?
নিষ্ঠুৰ সময় সলনি হ’ল
মাকে হিয়া ঢাকুৰি কান্দিলে
আকাশ পাতাল ভেদিলে
জনতাই নীৰৱে শ্ৰৱণ কৰিলে।
কেতিয়া হ’ব ধৰ্মৰ জয়
সাধাৰণ জনতাৰ বা কি হয়
জোলোঙাৰ মেকুৰী কেতিয়া নিধন হ’ব?
আমি শান্তিৰে উশাহ ল’ম।