মাননি – বিভা মহন্ত

 মাননি 

বিভা মহন্ত
নগাওঁ

নিষিদ্ধ কোঠাটোত তাই পাই চাৰি কৰি থাকোতেই এজন ভদ্ৰ লোক সোমাই আহি ক’লে — তোক কিমান টকাৰ মাননি দিম !এহেজাৰ ,দুহেজাৰ ,পাঁচ হেজাৰ?

তাই খং আৰু ক্ষোভত উত্তৰ দিলে ,আপুনি এটকাও দিব নালাগে । মোৰ টকাৰ প্ৰয়োজন চাৰিটা পেটৰ বাবে আৰু আপোনাৰ টকাৰ প্ৰয়োজন ক্ষুধা নিবাৰণৰ বাবে ।

ওলাই যাওঁক ইয়াৰ পৰা বুলি কৈ তাই হুক হুকাই কান্দিলে ।