মাতৃভূমি
-নিতিস্মান দাস
প্রথম মেলিলো নয়ন তোমাৰ কোলাতে,
মুদিম আকৌ নয়ন মৰণৰ সময়ত, আৰু মিশ্ৰ হম তোমাৰ সৈতে।
তোমাৰ কোলাতে সকলোকে স্থান দিলা,
তোমাৰ দৰে পৃথিৱীত নাই কোনো জানন্তা।
লওঁ প্ৰথম উশাহ তোমাৰ সুবাসত,
শেষ নিশ্বাস লৈ, লম স্থান তোমাৰ হৃদয়ত।
তোমাৰ ভূমিত জন্ম হোৱা মোৰ কিযে সৌভাগ্য,
তুমিয়েই বঢ়োৱা এই ধৰাৰ সৌন্দর্য।
মৰণৰ পাছত বিচাৰো ইয়াত পুনৰ জন্ম হবলৈ,
চৰাই হৈ গাম গীত, ফুল হৈ তোমাৰ ভূমি সুন্দৰ কৰিবলৈ।
ঘূৰণীয়া পৃথিৱী খন চাৰিওফালে চাওঁ,
তোমাৰ দৰে ঠাই মই, কদাপি বিচাৰি নাপাওঁ।
ভাই ভাই সকলো হিন্দু মুছলমান,
মাতৃভূমি সকলোৰে বাবে বহু মূল্যবান।
মনত ৰাখিম তোমাৰ সৈতে ধেমালি কৰা দৃশ্য,
মোৰ বাবে তুমি এটা ডাঙৰ ৰহস্য।
তোমাৰ কোলাতে হলো ভূমিষ্ঠ,
তোমাৰ আশ্ৰয়ত বাস কৰিলে নহয় কোনো নিৰ্ৱিষ্ট।
ৰাতিৰ সময়ত পোহৰ দিয়া ঘূৰণীয়া নিশিকান্ত,
কোনো সন্তান অনাথ হলে তুমিয়ে মাতৃ, তুমিয়ে ভগৱন্ত।
কত যোগ, কত যৌৱন পাৰ কৰি পালোঁ তোমাৰ চৰণ,
তোমাৰ সৈতে থাকিলে লাগে যে নাই মোৰ মৰণ।
তোমাৰ ধাননী পথাৰ, তোমাৰ সেউজীয়া বন,
তুমিয়েই সকলোৰে মাতৃ, তুমিয়েই মহাধন।।