মাজুলীৰ নৱ নিযুক্ত জিলা উপায়ুক্তৰ প্ৰথম খনি পৰ্যালোচনা সভা সম্পন্ন

pc- Indide Ne

মাজুলীৰ নৱ নিযুক্ত জিলা উপায়ুক্তৰ প্ৰথম খনি পৰ্যালোচনা সভা সম্পন্ন, বন্ধ হৈ থকা মালবাহী নাও চলাচলৰ ক্ষেত্ৰত বনিক সন্থাৰে আলোচনা       

ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী জিলাৰ উপায়ুক্ত হিচাপে নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা পুলক মহন্তৰ সভাপতিত্বত প্ৰথমখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাত উপায়ুক্ত গৰাকীয়ে উপস্থিত থকা জিলাখনৰ সকলো মুৰব্বী বিষয়া সকলৰ পৰা মাজুলীত ৰূপায়ণ হৈ থকা ন-পুৰণি চৰকাৰী উন্নয়নমূলক আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সকলো দিশতে উপায়ুক্তক অৱগত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সভাত গড়কাপ্তানি, কৃষি, জনস্বাস্থ্য, শিক্ষা, ব্ৰহ্মপুত্ৰ বৰ্ড, পৰ্যটন, স্বাস্থ্য, মীন পশুপালন, পৰিবহণ, শ্ৰম, ৰেচম, আদিকে ধৰি সকলো বিভাগ উপস্থিত থাকি উন্নয়নমূলক আঁচনি সমূহৰ অগ্ৰগতিৰ সম্পৰ্কত উপায়ুক্ত গৰাকীক অৱগত কৰে । সভাখনিত‌ অতিৰিক্ত উপায়ুক্ত বিপুল দাস, অৰিন্দম বৰুৱা, কাৰ্তিক কলিতা , মহকুমাধিপাতি (সদৰ) ধৃতিমান দাস উপস্থিত থাকে। ইয়াৰ পাছতে  মাজুলী যোৰহাট সংযোগী নিমাতী ঘাটত যোৱা ৮ ছেপ্তেম্বৰত হোৱা যাত্ৰীবাহী নাও দূৰ্ঘটনাৰ পিছৰে পৰা মাজুলীলৈ খাদ্য সামগ্ৰী কঢ়িওৱা একক ইঞ্জিনযুক্ত মালবাহী নাও সমূহৰ চলাচলত চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা সন্দৰ্ভত জিলা বনিক সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত জিলা উপায়ুক্তৰে এক আলোচনা অনুষ্ঠিত হয়। উল্লেখ্য, মালবাহী নাওসমূহ বন্ধ হৈ থকাৰ ফলত জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰী মাজুলীলৈ পৰিবহণৰ ক্ষেত্ৰত জটিলতাক লগতে জিলাখনত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে৷ চৰকাৰে সামগ্ৰী কঢ়িয়াবৰ বাবে জাহাজৰ ব্যৱস্থা কৰিছে যদিও তাত ব্যবসায়ী সকল মুঠেই সন্তষ্ট নহয়৷ যাৰ বাবে মালবাহী নাও পূৰ্বৰ দৰে চলাচল কৰাৰ আহবান জনাই মুখ্যমন্ত্ৰীকে ধৰি পৰিবহণ মন্ত্ৰীলৈ পৃথকে স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰেৰণ কৰিছিল৷ কিন্তু এই বিষয়ত চৰকাৰে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত যোৱা ১১ আৰু ১২ অক্টোবৰত মাজুলীৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰিছিল৷ এই বন্ধলৈ জিলাখনৰ সকলো ব্যৱসায়ীয়ে স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছিল। তৎস্বত্বেও আজি পৰ্যন্ত চৰকাৰে মালবাহী নাও চলাচলৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ফলস্বৰূপে মাজুলীত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, গৃহ নিৰ্মাণ সামগ্ৰীৰ লগতে প্ৰয়োজনীয় অন্যান্য সামগ্ৰীৰ ব্যাপক নাটনিয়ে দেখা দিছে৷ এফালে সামগ্ৰীক ভাৱে বজাৰত মূল্য বৃদ্ধিৰ উপৰিও যাতায়তী খৰচৰ বাবদ মাজুলীবাসীয়ে অধিক চৰা দামত সামগ্ৰী ক্ৰয় কৰিবলগীয়া হৈছে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন মাত্ৰ নিদিষ্ট সময়ত চলাচল কৰা মালবাহী জাহাজে কোনো মতে মাজুলীবাসীৰ চাহিদা পুৰণ কৰিব পৰা নাই৷ মাজুলীবাসীৰ এই গম্ভীৰ সমস্যাটোক দাঙি ধৰি বণিক সন্থাৰ জিলা সভাপতি জীৱন বৰুৱা, সম্পাদক দিগন্ত গোস্বামী, জিলা চেম্বাৰচ অফ কমাৰ্চৰ বীৰেন শইকীয়া, গড়মূৰ ব্যৱসায় সন্থাৰ সভাপতি ৰত্নেশ্বৰ হাজৰিকা প্ৰমুখ্যে প্ৰতিনিধিয়ে জিলা উপায়ুক্ত পুলক মহন্তক ব্যবস্থা গ্রহণৰ বাবে আহ্বান জনায়। উপায়ুক্ত পুলক মহন্তই বিষয়টো বিষয়টো গুৰুত্ব সহকাৰে লৈ  সংশ্লিষ্ট কৰ্তৃপক্ষক অবগত কৰাই    সমস্যা সমাধানৰ  আশ্বাস প্ৰদান কৰে৷  ডেৰমাহ দিনে মাজুলীবাসীয়ে ভুগি অহা সমস্যাটোৰ এক ইতিবাচক সমাধান আশা কৰিছে মাজুলীবাসীয়ে।