মাজনিশা মালিগাঁওৰ উৰণ সেঁতুৰ কাম পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মাজনিশা মালিগাঁওৰ উৰণ সেঁতুৰ কাম পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  মাজনিশা মহানগৰীৰ মালিগাঁৱত নিৰ্মীয়মাণ মালিগাঁও উৰণ সেঁতুৰ কাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নিশা ১২ বাজি ৩০ মিনিটত উপস্থিত হৈ দলঙৰ কামৰ অগ্ৰগতি বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। উৰণীয়া সেতুঁখনৰ অভিযন্তা তথা ঠিকাদাৰৰ লগতো মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰে।  উৰণ সেঁতুৰ কাম-কাজ পৰিদৰ্শনৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হয় স্বাগত হাস্পতাললৈ। মঙলবাৰে বিয়লিৰ ভাগত উৰণ সেঁতুৰ চাটাৰিং শ্লেব পৰি আহত শ্ৰমিক নয়ন কলিতা আৰু জীমণি ডেকাৰ স্বাস্থ্যৰ বুজ লয়। দুয়োৰে পৰিয়ালবৰ্গকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উৰণ সেঁতুখন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয়, পৰিৱেশত কামবোৰ হৈ আছে। মই ভাবো যে এমাহমান এনেকে ভালকৈ কৰিলে আমাৰ ফ্লাইঅভাৰৰ কামখিনি হৈ যাব।মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমাৰ পুলিচ আৰু উপায়ুক্তৰ ফালৰ পৰা জনসাধাৰণৰ বাবে বিজ্ঞাপন দিব। এতিয়া ৰাতি মালিগাঁৱৰ ফ্লাইঅভাৰৰ এফালে গাড়ী চলিব। আন ফালটো সম্পূৰ্ণ বন্ধ থাকিব যাতে আমি ওপৰৰ কামখিনি কৰিব পাৰো। সোঁফালৰ কামখিনি হৈ যোৱাৰ পাছত বাওঁফালৰ কামখিনি আৰম্ভ কৰিব আৰু সোঁফালৰ ৰাস্তাটো বন্ধ হৈ যাব। গতিকে ৰাতি ১০ বজাৰ পৰা পুৱা ৫ বজাৰ ভিতৰত আমি যাতে মালিগাঁও ফ্লাইঅভাৰ দি খুব প্ৰয়োজন নহ’লে নাহো। ডাঙৰ গাড়ী মটৰসমূহ ভৰলুৰ পৰা ফটাশিললৈকে পঠিয়াই দিছো। জালুকবাৰীতো ট্ৰাক আদি সোমোৱাতো বন্ধ কৰি দিছো। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈকে এই নিষেধাজ্ঞা থাকিব। পুৱা ৫ বজাৰ পৰা ক্ৰিটিকেল কামসমূহ ঠিকাদাৰসকলে বন্ধ কৰি দিব। তেওঁলোকে বেলেগ কাম কৰিব আৰু তেতিয়া গাড়ী মটৰ চলিব।