মাঘ বিহু – অনামিকা (সংগীতা) কলিতা

PC - AXOMI BARTA LIVE

মাঘ বিহু

অনামিকা (সংগীতা) কলিতা, শুৱালকুছি

আদৰৰ বিহু তিনিটা
চহা জীৱনৰ ৰূপৰেখা
ভাতৃত্ববোধৰ মিঠা পৰিচয়
একতাৰ বান্ধোনৰ অনুভৱ।
অন্যতম তাৰ ভিতৰত মাঘৰ বিহু
ভোগৰ ভোগ ভোগালী বুলি কওঁ।
ভঁৰাল লখিমীৰে পৰিপূৰ্ণ
পুখুৰী, বিল মাছ-কাছ
শাক পাচলি উভৈনদী
ডেকা-গাভৰু হাঁহি-ধেমালি
লগ ভাত এসাজেৰে উদৰ পূৰাই
ভেলাঘৰৰ/ মেজিৰ কাষত ।
মেজিৰ জুইতেই নাশ হওক
সকলো দুখ-দুৰ্গতি।