মাঘবিহু- ৰূপালী মহন্ত

p.c. NewsASN.com

মাঘবিহু

“অগ্নি প্ৰজ্বলিতং বন্দে চতুবৰ্ণ হুতাশনম।
সুৱৰ্ণ বৰ্ণমমলং জ্যোতি ৰূপায়তে নম।।”

মাঘবিহুত ‘ অগ্নি পুৰাণ’ৰ এই মন্ত্ৰেৰে অগ্নি দেৱতাক কাহিলিপুৱা বয়োজ্যেষ্ঠ জনে গা ধুই মেজি জ্বলাই তামোল-পাণেৰে সেৱা আগবঢ়ায়। সকলোৱে সমন্বয়ৰ জুই কুৰা পুৱাই আনন্দ কৰে।অগ্নি পূজা মাঘবিহুৰ প্ৰধান অনুষ্ঠান।বিহু অসমৰ জাতীয় জীৱনৰ শক্তি প্ৰকাশক ঔষধ।জাতীয় সংস্কৃতিৰ বুৰঞ্জীত বিশেষ স্হান অধিকাৰ কৰি বিভিন্ন জনগোষ্ঠীয়ে উদাৰ দৃষ্টি ভংগীৰে অসমীয়া সংস্কৃতিৰ বৰভেটি নিৰ্মাণত আদৰণীয় প্ৰচেষ্টাৰে তেওঁলোক গৌৰাম্বিত হৈ আছে। এই সমন্বয়ৰ প্ৰতীক মাঘবিহুক অগ্নি প্ৰজ্বলনেৰে উদযাপন কৰি সমাজৰ অসূয়া ,অপ্ৰীতি দূৰ হোৱাৰ কামনা কৰিলোঁ।সকলোৱে সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰৰে সমন্বয়ৰ এনাজৰী সুদৃঢ় কৰি তোলক সেই কামনাৰে সকলোলৈকে মাঘবিহুৰ শুভকামনা জ্ঞাপন কৰিলোঁ

ৰূপালী মহন্ত