মহিলা এছিয়া কাপৰ দ্বিতীয় খন ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰি শ্ৰীলংকাৰ ফাইনেলত প্ৰৱেশ

Pc Zee News

মহিলা এছিয়া কাপৰ দ্বিতীয় খন ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰি শ্ৰীলংকাৰ ফাইনেলত প্ৰৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া কাপৰ দ্বিতীয় খন ছেমি ফাইনেলত এক ৰোমাঞ্চকৰ খেলত শ্ৰীলংকাই পাকিস্তানক এক ৰাণত পৰাস্ত কৰে আৰু এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰে। অন্তিম অভাৰত, পাকিস্তানক জিকিবলৈ ৯ ৰাণ লগা আছিল, কিন্তু বেটছমেনসকলে মাত্ৰ ৭ ৰাণ হে সংগ্ৰহ কৰে।  খেলখনত শ্ৰীলংকাই প্ৰথমতে বেটিং কৰি ৬ উইকেটত ১২২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানৰ দলটোৱে ৬ টা উইকেটত মাত্ৰ ১২১ ৰাণ হে সংগ্ৰহ কৰে। ১৫ অক্টোবৰত ফাইনেলত শ্ৰীলংকাই ভাৰতীয় মহিলা দলৰ মুখামুখি হ’ব। ছেমি ফাইনেলত ভাৰতে থাইলেণ্ডক ৭৪ ৰাণত পৰাস্ত কৰে। শ্ৰীলংকাৰ দলটোৱে প্ৰথমবাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে।