মহিলা এছিয়া কাপৰ গ্ৰুপ মেচত ভাৰতীয় দলটো পাকিস্তানৰ হাতত পৰাস্ত

Pc hindustan times

মহিলা এছিয়া কাপৰ গ্ৰুপ মেচত ভাৰতীয় দলটো পাকিস্তানৰ হাতত পৰাস্ত

ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশত অনুষ্ঠিত হোৱা মহিলা এছিয়া কাপৰ গ্ৰুপ মেচত ভাৰতীয় দলটো পাকিস্তানৰ হাতত পৰাজিত হয়। প্ৰথমে বেটিং কৰি পাকিস্তানে ৬ উইকেটত ১৩৭ ৰাণ সংগ্ৰহ কৰিছিল। দুৰ্বল বেটিঙৰ বাবে টীম ইণ্ডিয়াই মাত্ৰ ১২৪ ৰাণহে সংগ্ৰহ কৰে। পাকিস্তানs কৰা ১৩৮ ৰাণৰ লক্ষ্যটো অনুসৰণ কৰি ভাৰতীয় দলটোৰ হৈ মেঘানাই ১৫ ৰাণ ,স্মৃতি মান্ধানাই ১৭ ৰাণ, জেমিমা ৰড্ৰিগছে ২ ৰাণ, অধিনায়ক হৰমনপ্ৰীত কৌৰে ১২ ৰাণ, ৰিচা ঘোষে ১৩ টা বলত ২৬ ৰাণ সংগ্ৰহ কৰে।  এই খেলখনৰ পিছত, ভাৰত আৰু পাকিস্তান তিনিখনকৈ খেলত জয়েৰে ৬-৬ পইণ্ট লাভ কৰিছে। ইয়াৰ উপৰিও মহিলা এছিয়া কাপ টি-২০ ২০২২ত ভাৰতৰ প্ৰথম পৰাজয়।