মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বাবে  গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১টা কোঠা

PC - ASSAM TIMES POST

মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বাবে  গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১টা কোঠা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটো অৱশেষত অসম এৰি যায়৷মহাৰাষ্ট্ৰৰ বিধানসভাত আস্থা ভোটৰ বাবে ৰাজ্যপালৰ আহ্বান মৰ্মে অসম এৰি যায় মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটো৷কাইলৈ ১১ বজাত অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন।গুৱাহাটী ত্যাগ কৰি আজিয়ে উভতি যায় মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল।গোৱালৈ যাব ৰেডিছন ব্লুত বাহৰ পাতি থকা বিধায়কৰ দলটো।গোৱালৈ ওভতাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।বিয়লি ৩.৩০ বজাত আটাইকেইজন উৰা মাৰে গোৱালৈ।গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১টা কোঠা।ইতিমধ্যেই হোটেল ৰেডিছন ব্লুৰ পৰা চাৰ্টাৰ্ড বাছেৰে যায়৷আনহাতে,অসম এৰাৰ পূৰ্বে অসমলৈ ৫১ লাখ টকাৰ বান সাহায্য আগবঢ়ালে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কে।মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দে আৰু তেওঁৰ সতীৰ্থ বিধায়কসকলে আগবঢ়ালে এই ধন।বান পৰিস্থিতিৰ মাজতে এইসকল বিধায়কক হোটেল ৰেডিছন ব্লুত ৰাজ আতিথ্য দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্ক।