মহাৰাষ্ট্ৰত বাছত সংঘটিত অগ্নিকাণ্ডৰ ফলত ২৫ জন নিহত

মহাৰাষ্ট্ৰত বাছত সংঘটিত অগ্নিকাণ্ডৰ ফলত ২৫ জন নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  মহাৰাষ্ট্ৰৰ বুলধানাৰ সম্ৰুদ্ধি ঘাইপথ এক্সপ্ৰেছৱেত নিশা চলন্ত বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত তিনিটা শিশুসহ কমেও ২৫ জন লোক নিহত হোৱাৰ লগতে আঠজন লোক আহত হয়। ৩৩ জন যাত্ৰী কঢ়িয়াই নিয়া বাছখনত পুৱা প্ৰায় ১ বাজি ৩০ মিনিটত জুই লাগিছিল। দুৰ্ঘটনাত আহত হোৱা লোকসকলক বুলধানা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মুখ্যমন্ত্ৰী একনাথ শিন্দেয়ে এই দুৰ্ঘটনাত প্ৰাণ যোৱা মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।বাছখন নাগপুৰৰ পৰা পুনেলৈ গৈ থকা সময়ত বুলধানাৰ সিন্ধখেদ্ৰাজাৰ ওচৰত বাছখনত জুই লাগিছিল। প্ৰাথমিক তথ্য অনুসৰি, বাছখনত ৩৩ জন লোক আছিল। যাত্ৰীসকল শুই থকা সময়ত বাছখনত জুই লাগিছিল।