মহালয়া – স্বৰগম কিশোৰ শৰ্মা

pc- India Tv News

মহালয়া

স্বৰগম কিশোৰ শৰ্মা
স্কুল : তিতাবৰ টাউন হাইস্কুল ৷
শ্ৰেণী : সপ্তম

নৱৰাত্ৰিৰ পৰাই দুৰ্গা পূজা আৰম্ভ হয় ৷ এই নৱৰাত্ৰিৰ আগদিনা হোৱা আউঁসীটোতে মহালয়া পালন কৰা হয় ৷ এই দিনটোত মানুহে ৰাতিপুৱা খোজ কাঢ়িবলৈ যায়৷ মহালয়াৰ দিনটোত মানুহে ৰাতিপুৱা খোজ কাঢ়িলে শৰীৰ সুষ্ঠ হয় আৰু বেমাৰ- আজাৰ নহয় বুলি আমাক ককা -আইতাহঁতে কয় ৷ আগৰ দিনত হেনো আজি কালিৰ দৰে টিভি বা বিভিন্ন ধৰণৰ চেনেলৰ ব্যৱস্থা নাছিল ৷ বাকচ সদৃশ এটা টিভি আছিল ৷ তাতে দুৰদৰ্শন নামৰ চেনেলত মহালয়াৰ দিনা পোৱা ৫ বজাত পৰা ৬ বজাৰ সময়ত দুৰ্গাৰ জন্মৰ পৰা বিভিন্ন সময়ত বিভিন্নৰূপ ধাৰণ কৰি অসুৰ সংহাৰ কৰা যি সুন্দৰ দৃশ্য তাক সকলোৰে একে লগে বহি উপভোগ কৰে বুলি মোক আইতায়ে কৈ আত্মসন্তুষ্টি লাভ কৰে ৷ আইতাৰ মুখৰ পৰাই মহালয়াৰ কথাবোৰ সাধু শুনাৰ দৰে শুনি বৰ ভাল পাওঁ ৷ আইতায়ে কয় কয় মহালয়াত হেনো পূৰ্ব পুৰুষৰ নামত শ্ৰাদ্ধ পাতিলে পূণ্যতা লাভ কৰিব পাৰে ৷ এই দিনা ল’ৰা – ছোৱালীবোৰে ধুনীয়া- ধুনীয়া বেলুন কিনে আৰু ডাঙৰ মানুহবোৰে মিঠাই আৰু জেলেপি কিনি আনি ঘৰৰ সদস্য সকলৰ লগত মিলি- জুলি খাই ৷ এইবাৰ মহালয়াৰ দিনটোৰ বাবে আইতাই বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷