মহামাৰী সলনি হৈছে,কিন্তু শেষ হোৱা নাই

Pc- The World Economic Forum

মহামাৰী সলনি হৈছে,কিন্তু শেষ হোৱা নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ বাঢ়িছে ক’ভিডৰ সংক্ৰমণ।তাৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ জনসাধাৰণলৈ সকিয়নী প্ৰদান কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ক’ভিড-১৯ মহামাৰী সলনি হৈছে, কিন্তু এই মহামাৰী শেষ হোৱা নাই।১১০খন দেশত ক’ভিডৰ সংক্ৰমণ বাঢ়িছে।বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ট্রেড্রোছ আধানোম গেব্রিয়েছাছে জেনেভাত কয়, ‘এই মহামাৰী সলনি হৈছে, কিন্তু শেষ হৈ যোৱা নাই।ক’ভিড-১৯ৰ ভাইৰাছ বিচাৰি উলিওৱাৰ আমাৰ সামৰ্থ ভাবুকিৰ সন্মুখীন হৈছে।কাৰণ সংক্ৰমণৰ বিষয়ে জনোৱা আৰু জিন’মিক ছিকুৱেন্স কমিছে।ইয়াৰ অৰ্থ হ’ল অমিক্ৰনৰ সন্ধান উলিওৱা আৰু ভৱিষ্যতে দেখা দিব পৰা ভেৰিয়েণ্টবোৰ বিশ্লেষণ কৰাটো কঠিন হৈ পৰিছে।’তেওঁ লগতে কয় যে,১১০খন দেশত ক’ভিড-১৯ৰ সংক্রমণ বাঢ়িছে।বহু ঠাইত বি এ.৪ আৰু বি এ.৫ৰ কাৰণে (অমিক্রন)ৰ সংক্রমণ বেছি হৈছে।ফলত সামগ্রিক আন্তঃৰাষ্ট্ৰীয় সংক্রমণ ২০ শতাংশ বাঢ়িছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ডাব্লিউ এইচ অ’ৰ ৬টা অঞ্চলৰ ভিতৰত ৩টাত বাঢ়িছে।কিন্তু সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয়ভাৱে মৃতকৰ সংখ্যা সুস্থিৰ হৈ আছে।এখন সংবাদমেলত তেওঁ কয় যে,বিশ্ব স্বাস্থ্য সংস্থাই সকলো দেশক তেওঁলোকৰ জনসংখ্যাৰ কমেও ৭০ শংতাশক টিকা দিবলৈ আহবান জনাইছিল।যোৱা ডেৰ বছৰত সমগ্ৰ পৃথিৱীত ১২ বিলিয়নতকৈ বেছি ভেকচিন বিতৰণ কৰা হয়।গেব্রিয়েছাছে কয় যে,যোৱা সপ্তাহত বিশ্বত ক’ভিডৰ সংক্ৰমণ ১৮ শতাংশ বাঢ়ে আৰু ৪.১ মিলিয়নৰো (৪১ লাখৰো) অধিক লোকৰ সংক্ৰমণ হয়।