মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত সেৱা আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

pc Facebook
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত সেৱা আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৱিত্ৰ ভাদ মাহ উপলক্ষে সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল-মংগলৰ অৰ্থে সেৱা আগবঢ়াই। বৰনামঘৰ পৰিচালনা সমিতিৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ মৰম আৰু আদৰত যথেষ্ট আপ্লুত হোৱা বুলি উল্লেখ কৰে  মুখ্যমন্ত্ৰী গৰাকীয়ে। ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্য চৰকাৰৰ অসম দৰ্শন আৰু আনটাইড ফাণ্ডৰ অধীনত বহুতো উন্নয়নমূলক কামৰ কথা ৰাইজক জনোৱাৰ লগতে ৰাজ্য চৰকাৰে আন্তঃগাঁথনি সবলীকৰণৰ বাবে আনটাইড ফাণ্ডৰ অধীনত অতিৰিক্ত এক কোটি টকা প্ৰদান কৰাৰ কথাও আজি সদৰী কৰে। বৰনামঘৰ কমিটীৰ অনুৰোধমৰ্মে ৰাজ্য চৰকাৰে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা জাঁজীমুখ সংযোগী আৰু ঢেকীয়াখোৱা বৰনামঘৰ আলিমূৰৰ মূল তোৰণৰ পৰা বৰনামঘৰ সংযোগী তিনি কিল’মিটাৰ পথ নিৰ্মাণৰ পদক্ষেপ লোৱাৰ লগতে উক্ত স্থানত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে জনোৱা অনুৰোধকো গুৰুত্ব দি এই দিশত যোৰহাট জিলাৰ উপায়ুক্তক উপযুক্ত ভূমি চিনাক্তকৰণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। এই ভ্ৰমণকালত সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, সাংসদদ্বয় ক্ৰমে শ্ৰীকামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু শ্ৰীতপন কুমাৰ গগৈ ডাঙৰীয়া, প্ৰাক্তন সাংসদ তথা ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ সহঃ উপাধ্যক্ষ শ্ৰীৰমেন ডেকা ডাঙৰীয়াও উপস্থিত থাকে।
(UD.)