মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ

p.c. Indian Masterminds

মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ। এতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ পোছাকৰ বেজত অসমীয়া ভাষাৰে লিখা থাকিব আৰক্ষীৰ নাম। পাৰ্থসাৰথি মহন্তৰ উপৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিৎ সিঙৰ পোছাকৰ বেজত অসমীয়া ভাষাতে তেওঁৰ নাম লিখা পৰিলক্ষিত হৈছে। এই পদক্ষেপ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই কয় যে এই পদক্ষেপে আৰক্ষীৰ কাম কৰাত সুবিধা হোৱাৰ লগতে ৰাইজৰ ওচৰ চপাত সহায় কৰিব।এই সন্দৰ্ভত তেওঁ কয়- ‘অসম আৰক্ষীৰ মেনুৱেলত আৰক্ষীৰ ইউনিফর্ম সন্দৰ্ভত লিখা আছে। কিন্তু আৰক্ষীৰ পোছাকৰ বেজ কি ভাষাত হ’ব লাগে, সেই সন্দৰ্ভত কোনোধৰণৰ নিৰ্দেশনা নাই। বেজটো এই কাৰণেই প্ৰদান কৰা হয় যাতে আৰক্ষীৰ পৰিচয় গোপন, হৈ নাথাকে। আমি যিহেতু অসমত আছোঁ আৰু অসমীয়াভাষী মানুহৰ সেৱাৰ বাবে আছোঁ, সেয়েহে এই বেজটোত নাম অসমীয়া ভাষাত লিখা থাকিলে সকলোৰে সুবিধা হয়। মই কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে অসমীয়া ভাষাত নাম বেজত লিখিছিলোঁ। তেতিয়াৰ পৰা কামৰূপ জিলাৰ সকলোৱে অসমীয়া ভাষাত লিখা বেজেই ব্যৱহাৰ কৰে। এতিয়াৰ পৰা মহানগৰ আৰক্ষীয়েও অসমীয়া ভাষাত লিখা বেজ লগাবলৈ আৰম্ভ কৰিছে।