মহানগৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত জিলা প্ৰশাসনৰ

Pc NBC News

মহানগৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত জিলা প্ৰশাসনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ মহানগৰ জিলাত ক’ভিড সংক্ৰমণ বৃদ্ধি হৈ থকা স্পৰ্শকাতৰ এলেকা সমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে। ৰাজধানী মণ্ডল আৰু পূব মণ্ডলত বিশেষকৈ এতিয়াও ক’ভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ বাবে পুণৰ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে। সোমবাৰে বিয়লিৰ ভাগত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ বিষয় ববীয়া সকলৰ স’তে অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা বৈঠকত জিলাখনৰ আন আন স্থানৰ লগতে বস্তি এলেকা তথা স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে।প্ৰতিদিনে অতি কমেও ১০,০০০ লোকক ক’ভিড পৰীক্ষা কৰিবলৈয়ো বৈঠকত নিৰ্দেশ দিয়ে। জিলাখনৰ ক’ভিড সংক্ৰমণ নাশ কৰাৰ বাবে ক’ভিড পৰীক্ষা আৰু টীকাকৰণেই একমাত্ৰ উপায় বুলি তেওঁ উল্লেখ কৰে।তদুপৰি অতি শীঘ্ৰে জিলাখনৰ সকলো লোকৰে ক’ভিড টীকাকৰণ সম্পূৰ্ণ কৰিবলৈয়ো স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। আজি অনুষ্ঠিত হোৱা বৈঠক খনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) ধ্ৰুৱজ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়া তথা স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে।