অনলাইন বাৰ্ত্তাসেৱা – সমগ্ৰ ৰাজ্যখনৰ লগতে গুৱাহাটী মহানগৰীত ভয়াবহ কোভিডকেন্দ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চলি থকা সান্ধ্য আইনৰ গইনা লৈ মহানগৰীৰ পশ্চিম প্ৰাসন্তত সক্ৰিয় হৈ উঠিছে ভয়ানক ড্ৰাগছ সৰবৰাহৰ গোপন বেহাৰ লগতে জুৱা খেলৰ বৃহৎ আড্ডা। উল্লেখযোগ্য যে মহানগৰীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত খানামুখ, ছার্ভে স্কুল, লংকেশ্বৰ, ফৰেষ্ট স্কুল, গাড়ীগাওঁ, অসম অভিযান্ত্রিক মহাবিদ্যালয় চৌহদৰ ভিন্নস্থানত অতি গোপনে চলি আছে মাৰাত্মক ড্ৰাগছৰ বেহাৰ লগতে বৃহৎ জুৱা খেলৰ আড্ডা। ইপিনে এনে এক ভয়াবহতাৰ উমান লাভ কৰি জালুকবাৰী থানাৰ অন্তর্গত গোশালা অঞ্চলত এক গোপন অভিযান চলাই জালুকবাৰী আৰক্ষীয়ে দুজন দুধৰ্ষ ড্ৰাগ্ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাৰ নেতৃত্বত মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত কৌশিক ছন্দ আৰু তাজাউদ্দিন নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে জালুকবাৰী আৰক্ষীয়ে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে 19 টাকৈ ড্ৰাগছ ভর্তি কন্টেইনাৰ, চাৰিটা মোবাইল, চিৰিঞ্জসহ যথেষ্ট সংখ্যক আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ঘটনাটো সন্দৰ্ভত সংশ্লিষ্ট আৰক্ষীয়ে বিভাগীয় গোচৰ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
মহানগৰীৰ পশ্চিম প্ৰান্তত গোপন ড্ৰাগছ সৰবৰাহ আৰু জুৱা খেলৰ আড্ডা
