কোভিড-১৯ আৰু মিউকৰমাইকোচিচ (ব্লেক ফাংগাছ) – ডাঃ জীৱন দত্ত বৰুৱা

PC The Wire Sciense

কোভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বত প্ৰলয়ৰ সৃষ্টি কৰিছে। ভাৰত ইয়াৰ ব্যতিক্ৰম নহয়। কোভিড-১৯ত আক্ৰান্ত ব্যক্তিসকলৰ ৭০-৮০ শতাংশৰ বিশেষ কোনো পাৰ্শ্চক্ৰিয়া নহয়, প্ৰায় ২০-৩০ শতাংশৰ ক্ষেত্ৰত কোভিড-১৯ৰ লক্ষণসমূহ প্ৰকট হয় আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্ত্তি কৰিবলগীয়া হয়। এওঁলোকৰ ক্ষুদ্ৰ একাংশৰ ক্ষেত্ৰত গভীৰ হয় আৰু আই চি ইউ চিকিৎসা কৰিবলগীয়া হয়।

চীনৰ য়ুবান প্ৰদেশত আৰম্ভ হোৱা কোভি-১৯ৰ ক্ষেত্ৰত দেখা গৈছে যে বয়স, মেদবহুলতা, অনিয়ন্ত্ৰিত ডায়েবেটিচ ৰোগ, হৃদৰোগ, স্বাসতন্ত্ৰৰ ৰোগ আৰু কেন্সাৰ থাকিলে কোভিড-১৯ৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি হয়।

সম্প্ৰতি দেখা গৈছে যে কোভিড-১৯ৰ চিকিৎসা, বিশেষকৈ আই চি ইউত কৰা চিকিৎসাৰ ফলত আক্ৰান্ত ব্যক্তিৰ শৰীৰত মিকৰমাইকোচিচ (Mucotmycosis) নামৰ এবিধ গুৰুতৰ ৰোগ হ’ব পাৰে। ইয়াৰ কাৰক হ’ল মিউকৰমাইচেটিচ (Mucormycetes) নামৰ এবিধ ভেঁকুৰ। ইয়াক ব্লেক ফাংগাছ বুলিও কোৱা হয়। যিসকল ব্যক্তিৰ ৰোগ প্ৰতিৰোধ শক্তি কম, যিসকল অনিয়মিত ডায়েবেটিচত ভোগে, তেওঁলোকৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক। অন্যান্য কাৰক হ’ল ষ্টেৰয়ড চিকিৎসা, এইডচ ৰোগ, কেন্সাৰ ৰোগ আৰু ডেফেৰোক্সামাইন (Deferoxamine) ঔষধৰ ব্যৱহাৰ। শেষৰ ঔষধবিধ শৰীৰত আয়ৰণৰ অধিকাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। যেতিয়া কোভিড-১৯ৰ সংক্ৰমণ অতি গভীৰ হয়, তেতিয়া উচ্চ মাত্ৰাত ষ্টেৰয়ড (Steroid) দিয়া হয় জীৱন দায়িনী ঔষধ হিচাপে। পৰিতাপৰ কথা এই ঔষধে ডায়েবেটিচ নথকা ব্যক্তিৰ শৰীৰত ডায়েবেটিচ সৃষ্টি কৰিব পাৰে আৰু ইতিমধ্যে ডায়েবেটিচত ভোগা ব্যক্তিৰ ক্ষেত্ৰত ৰোগ গভীৰ হয়। ইয়াৰ সুবিধা লৈ মিউকৰমাইকোচিচ সংক্ৰমণ আৰম্ভ হয়।

মিউকৰমাইকোচিচ কেইবা প্ৰকাৰৰ। তাৰ ভিতৰত সঘনে হোৱা বিধ হ’ল নাকৰ চাইনাচ-মুখ-মগজু সংক্ৰান্তীয়। এই ৰোগ আৰম্ভ হয় চৰ্দি অথবা চাইনাচাইটিচ (Sinasitis) হিচাপে। কিন্তু অতিশীঘ্ৰে চকুলৈ বিস্তাৰিত হয়। চকু ৰঙা পৰে, পিচলৈ ওফন্দি উঠে (Propasis)। চকুৰ কেতবোৰ মাংপেশীৰ পক্ষঘাত হ’ব পাৰে। পকতাও হ’ব পাৰে। মগজুলৈও বিস্তাৰিত হ’ব পাৰে। ই ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰে। হাওঁফাওঁ আৰু ছালতো হ’ব পাৰে।

কোভিড-১৯ৰ চিকিৎসা কৰা চিকিৎসকলে, বিশেষকৈ ডায়েবেটিচত ভোগা আৰু ষ্টেৰয়ড গ্ৰহণ কৰা ৰোগীৰ ক্ষেত্ৰত মিউকৰমাইকোচিচ হৈছে নেকি বুলি পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰি নিশ্চিত কৰিব লাগে। নিশ্চিত হ’লে আক্ৰমণাত্মক চিকিৎসা আৰম্ব কৰিব লাগে, যাতে ৰোগ নিৰাময় কৰিব পাৰি। এই ভেঁকুৰৰ চিকিৎসাৰ বাবে সাধাৰণতে এম্ফ’টেৰিন (Amphoterein) ঔষধ ব্যৱহাৰ কৰা হয় কিন্তু এইবিধ ঔষধ বিষাক্ত (Toric) আৰু ব্যয়বহুল। গতিকে সাৱধানেৰে ব্যৱহাৰ কৰিব লগা সংক্ৰমণ ব্যাপক হ’লে সৰ্বাত্মক (Radical) অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। আক্ৰান্ত হ’লে হনু (Jaw)আৰু চকু কাটি পেলাবলগীয়া হ’ব পাৰে। অৱশ্যে এয়া জীৱনদায়িনী ব্যৱস্থা।

যিকোনো কোভিড-১৯ আক্ৰান্ত ৰোগীক ষ্টেৰয়ড চিকিৎসা কৰা হয়, তেওঁলোকৰ তেজত Glucoseৰ মাত্ৰা ভালদৰে নিৰীক্ষণ কৰা নহয়, ফলত তেওঁলোকৰ তেজত Glucoseৰ মাত্ৰা বিপদজনকভাৱে বৃদ্ধি হয়। এই পৰিস্থিতিত ৰোগীৰ ডায়েবেটিক কিট’চিচ (য’ত তেজৰ এছিডৰ মাত্ৰা বৃদ্ধি হয়)ৰ মাত্ৰা বৃদ্ধি হয়। এই পৰিস্থিতিত অধিক ভয়ানক মিউকৰমাইকোচিচৰ সংক্ৰমণ হয়। গতিকে কোভিড-১৯ সংক্ৰমণৰ চিকিৎসা কৰোতে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাৰ প্ৰতিও নজৰ দিব লাগিব।

যিসকল ডায়েবেটিচত ভুগি আছে তেওঁলোকলৈ পৰামৰ্শ- স্বাস্থ্য সন্মত খাদ্য খাওক, শৰ্কৰা (ভাত, ৰুটি, চাপাটী ইত্যাদি) মিঠাই আৰু মিঠাবস্তু আদি কম পৰিমাণে খাওক, প্ৰটিন (কণী, মাছ, বিভিন্ন দাইল, চয়াবীন আদি) যথেষ্ট পৰিমাণে খাব। নিয়মীত ব্যায়াম কৰিব। ঔষধ নিয়মীয়াকৈ খাব, প্ৰয়োজন অনুসাৰে ইনচুলিন লওক। এই পৰামৰ্শ মানি চলিলে ডায়েবেটিচ নিয়ন্ত্ৰণত থাকিব। ক’ৰ’না আৰু মিউকৰমাইকোচিচৰ সম্ভাৱনা হ্ৰাস পাব।

পৰিশেষত কওঁ, কোভিড-১৯ৰ টীকা লওক। টীকাকৰণে কোভিড-১৯ৰ সংক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব, সংক্ৰমণ হ’লেও চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ প্ৰয়োজন নহ’ব। মিউকৰমাইকোচিচৰ সংক্ৰমণৰ সম্ভাৱনাও নাথাকিব। লগতে কোভিড বিধি মানি চলিব।

 

***