মহানগৰীত মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

pc Northeast Now

মহানগৰীত মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

ৰঙিলী বাৰ্ত্তাসেৱা- আজি পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শক্তিপীঠত উপস্থিত হৈ মা কামাখ্যাৰ আশিস লয় মুখ্যমন্ত্ৰীগৰাকীpc Northeast Nowয়ে। অম্বুবাচী মেলা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত হৈ গৈছে। বান পৰিস্থিতিৰ মাজতো যথেষ্ট সংখ্যক ভক্ত আহে এইবাৰ। সকলোৰ সহযোগিতাৰ বাবে ধন্যবাদ। হোটেল ৰেডিছন ব্লুত মহাৰাষ্ট্ৰৰ ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰ ক’লে, ‘‘মই ইমান খবৰ ৰখা নাই। মই বানত ক্ষতিগ্ৰস্ত লোকৰ লগত ব্যস্ত। এইবোৰ কৰিবলৈ মোৰ সময় নাই, কাৰোবাৰ সময় আছে গৈ আছে। স্বাধীন দেশ কোনোবা গ’লে মইটো বাধা দিব নোৱাৰো।