মহম্মদ শ্বামীয়ে পথ দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক উদ্ধাৰ কৰি বচালে প্ৰাণ

মহম্মদ শ্বামীয়ে পথ দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক উদ্ধাৰ কৰি বচালে প্ৰাণ

ৰঙিলী বাৰ্ত্তাসেৱা- খেল পথাৰৰ ভিতৰত দুৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তেই নহয়, খেল পথাৰৰ বাহিৰতো নিজৰ কামকাজৰ বাবে মানুহৰ মন জয় কৰিছে বেগী বলাৰ মহম্মদ শ্বামীয়ে। বহু মেচত টিম ইণ্ডিয়াক ৰক্ষা কৰা শ্বামীয়ে এইবাৰ এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে।নৈনিতাল যাত্ৰা কৰাৰ সময়তে শ্বামীয়ে এখন বাহন পাহাৰৰ খাৱৈত পৰি থকা দেখে আৰু লগে লগে তেওঁ নিজা বাহনৰ পৰা নামি দুৰ্ঘটনাত পতিত বাহনখনৰ চালকজনক উদ্ধাৰ কৰে।শ্বামীৰ এই কাৰ্যই গাড়ীত থকা ব্যক্তিজনৰ জীৱন ৰক্ষা কৰে।মহম্মদ শ্বামীয়ে নিজৰ ইনষ্টাগ্ৰামত এই দুৰ্ঘটনাৰ সম্পূৰ্ণ সবিশেষ জনায়। লগতে তেওঁ এই ঘটনাৰ ভিডিঅ’ এটাও  শ্বেয়াৰ কৰে।দুৰ্ঘটনাৰ ভিডিঅ’টো শ্বেয়াৰ কৰি শ্বামীয়ে লিখিছে – ‘এই ব্যক্তিজন বৰ ভাগ্যৱান।’শ্বামীয়ে লগতে কয়, “ভগৱানে তেওঁক দ্বিতীয়বাৰৰ বাবে জীৱন দান দিলে। নৈনিতালৰ পাহাৰীয়া পথত মোৰ গাড়ীৰ ঠিক সন্মুখতে পাহাৰৰ পৰা তেওঁৰ গাড়ীখন বাগৰি পৰিল। আমি তেওঁক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছো।”উল্লেখ্য, এই দুৰ্ঘটনাত চালকজনে আঘাত পাইছে যদিও তেওঁৰ আঘাত গুৰুতৰ নহয়।