মন আৰু মনৰ মানুহ
চৌপাশে মানুহ। যিফালেই চকু যায় কেৱল মানুহ। তথাপি মনত কিবা এটাৰ অভাৱ। মনত মনৰ মানুহৰ অভাৱ।এই অভাৱে মনত আঘাত কৰে,নীৰৱ ৰাতি আপোনাক কন্দুৱাই যি ক্ৰনদ আপুনি চেপি ধৰি ৰাখে গাৰুৰ মাজত যাতে আপোনাৰ চকুপানী নেদেখক কোনেও,নুশুনক কোনো নিদ্ৰাখোৰে..। কেতিয়াবা কাৰোবাৰ সংগ ভাল লাগে আপোনাৰ।অথচ সেই মানুহজন আপোনাৰ মনৰ মানুহ নহ’বও পাৰে। কাৰোবাৰ ব্যক্তিত্বই আপোনাক আকৰ্ষণ কৰে অথচ মনৰ মানুহ বুলিবলৈ তেওঁ বহু দূৰত। কাৰোবাৰ সুন্দৰতা,বাহ্যিকতা,কথা-বাৰ্তাই এজন ব্যক্তিক আপোনাৰ মনৰ মানুহ কৰি পেলাব নোৱাৰে।মনৰ মানুহ হ’বলৈ হ’লে কোনো এজন হ’ব লাগিব সৰ্বাংগীন সুন্দৰ।এই সুন্দৰতা মনৰ কিম্বা আত্মাৰ।মুখায়ৱৰ সৌন্দৰ্য্যৰ কথা নকওঁ।কাৰণ যি ব্যক্তিক আপুনি প্ৰেম কৰে,সেই ব্যক্তি সদায়েই আপোনাৰ দৃষ্টিত সুন্দৰ। এনে ব্যক্তি,যাৰ সৈতে আপুনি সুখ-দুখৰ কথা পাতিব পাৰে,আত্মিক শান্তি পাব পাৰে,মানসিক প্ৰশান্তি লভিব পাৰে বা যাৰ সন্মুখত আপোনাৰ কাপোৰৰ ওৱলি যোৱা চিলনিটো ধাকিব লগা নহয়,মুখৰ শালমনবোৰ ঢাকিব লগা নহয় বা আপোনাক কৃত্ৰিম ভাৱে সজাব লগা নহয়,যি আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান,যি আপোনাৰ অৰ্ধাংশ যাৰ অবিহনে আপুনি আধৰুৱা আৰু যাক লাভ কৰি আপুনি কোনোদিন আত্মাৰ অভাৱত ভূগা নাই..সেইজন হৈছে আপোনাৰ মনৰ মানুহ। বহুত টান। এনে এজন মনৰ মানুহক পাবলৈ বহু টান। কাৰোবাক কিছুমান নিদিৰ্ষ্ট কাৰণত ভাল লাগিব পাৰে কিন্তু সময়ত যেতিয়া দূৰত্ব বাঢ়ি যায় বা ক্ৰমাৎ সেই ভাললগাবোৰ বিষয়বোৰৰ পৰা আঁতৰি অহা হয়..কমি যায় সেই ব্যক্তিজনৰ প্ৰতি থকা আপোনাৰ এসময়ৰ ভাললগাবোৰ। ব্যক্তিৰ মাজত আমি সদায় আমি বিচৰাবোৰ খুচৰি ফুৰো।আমাৰ ভাল লগাবোৰ বিচাৰি ফুৰো। আনজনে ইয়াৰে সুযোগ লয়। আপুনি যিখিনি বিচাৰে,সেইখিনি আপোনাক তেওঁ দেখুৱায়।অন্যৰ্থত আপুনি এজন ব্যক্তিৰ মাজত সেইখিনিহে দেখা পাই যিখিনি তেওঁ আপোনাক দেখুৱাবলৈ ইচ্ছা কৰে।ই এক প্ৰকাৰৰ অভিনয়ও হ’ব পাৰে বা আপোনাৰ পৰা স্বাৰ্থ আদায় কৰাৰ ষড়যন্ত্ৰও হ’ব পাৰে। সেইবাবেই লুক-ঢাক নকৰি সচাঁ কথা কোৱা ব্যক্তিবোৰ আপোনাৰ অপ্ৰিয়।কাৰণ আপুনি মিছাৰ মাজত জীয়াই থাকি ভাল পাই।সত্যৰ লগত মোকাবিলা কৰিবলৈ আপোনাৰ শক্তি আৰু সাহস নাই। যি ব্যক্তিয়ে সহজে মিছা কথা ক’ব পাৰে,যি মানুহক মিছা প্ৰশংসাৰ প্ৰলোভন দি আপোনাক ওপৰত উঠাব জানে,সেই বুদ্ধিয়ক ব্যক্তিৰ বন্ধু বেছি,সমাজে ভাল পাই তেনে লোকক।অথচ সচাঁ কথা কোৱাজন সদায় ৰৈ যায় অকলসৰে,পিছত। ভালপোৱাত অভিনয় নাথাকে। বহু সময়ত আমি এই অভিনয়ত ভুল গৈ এনে কিছুমান ব্যক্তিৰ প্ৰেমত পৰো যি যোগ্যই নহয় আপোনাৰ/মোৰ প্ৰেমৰ। বাস্তৱ জনালৈকে বহু দেৰি হৈ যায়। আপুনি অভ্যস্ত হৈ যায়। কেতিয়াবা ওলাই আহে এনে মানুহৰ বন্ধনৰ পৰা আৰু কেতিয়াবা ৰৈ যায় একে ঠাইতে..বিশ্বাসবোৰ কমি আহে মানুহলৈ। আপুনি প্ৰেক্টিকেল হয়,নিজকে বুজানি দিব জনাকৈ আপুনি পৈণত হয়। আপুনি মানি চলে ,’প্ৰেমটো অন্ধ নহয় কোনোদিন..অন্ধ কেৱল প্ৰেমিক প্ৰেমিকা বোৰ।’ সময় আগবাঢ়ে।নীৰৱ নিশা আপোনাৰ ক্ৰনদ ক্ৰমাৎ কমি আহে।ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসে আপোনাক জীয়াই ৰাখে,সুখত ৰাখে।তথাপি, অন্তৰৰ কোনোবা কোণত কিবা এটাৰ অভাৱে আপোনাক মানুহৰ সমাগমৰ মাজতো কেতিয়াবা বৰ বেয়াকৈ অকলশৰীয়া কৰে।নহয়নে?