মনৰ ফুলনিত – লখিমী শৰ্মা

PC - Vecteezy
মনৰ ফুলনিত
লখিমী শৰ্মা, যোৰহাট
মোৰ মনৰ ফুলনিত
ফুলি ৰোৱা তুমিয়েই
একমাত্ৰ মোৰ ৰঙা গোলাপ পাহি,
বুকুৰ চ’ৰাঘৰত বহিছিলা
উশাহে উশাহে কলিজাত ফুলা,
ৰঙা তেজৰঙী গোলাপৰ গোন্ধ লৈছিলা
হৃদয়ৰ শূন্যতা বোৰ
নোহোৱা কৰিবলৈ নিৰৱে আহিলা তুমি
মোৰ বিষাদ ভৰা জীৱনলৈ,
আৰু আকোৱালি ল’লা
তোমাৰ হাঁহিত
হেৰাই পেলাওঁ
জীৱনৰ বিষণ্ণতা,
আলফুলীয়া তোমাৰ স্পৰ্শই
জীপাল কৰে মোৰ বুকুৰ পথাৰ,
য’ত মই সিচোঁ আঘোণৰ ৰ’দ
তুমি মোৰ বুকুৰ কোঁহে কোঁহে
সোমাই পৰিছা ধমণীৰ শিৰা হৈ,
য’ত প্ৰবাহিত মোৰ উষ্ণ ৰক্ত কণিকা ।।