মনীষ চিছোদিয়াই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা পি পি ই কিট কেলেংকাৰিৰ অভিযোগ খণ্ডন উচ্ছ ন্যায়ালয়ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই পি পি ই কিট সন্দৰ্ভত সংবাদমেল পাতি উত্থাপন কৰা অভিযোগ গুৱাহাটী উচ্ছ ন্যায়ালয়ে খণ্ডন কৰাৰ লগতে শিশোদিয়াই দাখিল কৰা আৱেদেনা খাৰিজ কৰিছে৷ বিপৰীতে আমিনগাঁৱত থকা কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অহা ১৯ নৱেম্বৰত মনীষ শিশোদিয়াক হাজিৰ হ’বলৈ ন্যায়ালয়ে নিৰ্দেশ দিয়ে৷উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড॰ শৰ্মা পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকানাধীন এটা প্ৰতিষ্ঠানক পি পি ই কিট যোগানৰ ঠিকা দিয়া বুলি মনীষ চিছোদিয়াই দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি অভিযোগ কৰিছিল৷