মণিৰাম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা

মণিৰাম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা
সৎ চিন্তা, কৰ্ম, সংগত থকা মানুহক নিজৰ লক্ষ্যত উপনীত কৰায়: দীপক শৰ্মা

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- আজি চন্দ্ৰপুৰৰ সমীপৰ মায়ংৰ ঢেকীয়াবাৰীস্থিত “মণিৰাম জাতীয় বিদ্যালয়”ৰ বাৰ্ষিক বঁটা বিতৰণী সভাখনি বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সৎৰাম কলিতাৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায় । বিদ্যালয়ৰ অধ্যক্ষ ভূৱনেশ্বৰ ৰাজবংশীয়ে আঁত ধৰা আৰু আদৰণি ভাষণ দিয়া সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, কবি, সাহিত্যিক দীপক শৰ্মাই অংশ লৈ কয়- “প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ অধ্যয়ন, অধ্যাৱসায়, নিয়মানুবৰ্তিতা, শ্ৰদ্ধাশীল হ’লে এদিন নিজ লক্ষ্যত উপনিত হ’ব পাৰে । আজিৰ বিদ্যাৰ্থী সমাজে এদিন এজন ভাল মানুহ হম বুলি সপোন দেখিব লাগে । সন্তানক পিতৃ-মাতৃ, অভিভাৱকে যোগাত্মক, সফল হ’বাই এদিন শিকাব লাগে। বিয়োগাত্মক কথা শিকাব নালাগে । সৎ চিন্তা, সৎ কৰ্ম, সৎ সংগই প্ৰতি মানুহক নিজ লক্ষ্যত উপনীত কৰায় ।” অনুষ্ঠানত বিদ্যালয়ৰ উপাধ্যক্ষ কাকলি কাথাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা বিষ্ণু দাসে সভাত অংশ গ্ৰহণ কৰে ।