মণিপুৰৰ টুপুলত উদ্ধাৰ হোৱা অসমৰ পাঁচজন লোকসহ মণিপুৰৰ পৰা গুৱাহাটীত উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা

Pc Facebook

মণিপুৰৰ টুপুলত উদ্ধাৰ হোৱা অসমৰ পাঁচজন লোকসহ মণিপুৰৰ পৰা গুৱাহাটীত উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা

ৰঙিলী বাৰ্ত্তাসেৱা-  মন্ত্ৰী পীয়ূষ হাজৰিকা মণিপুৰৰ টুপুলত উদ্ধাৰ হোৱা অসমৰ পাঁচজন লোকসহ মণিপুৰৰ পৰা গুৱাহাটীত উপস্থিত হয়। গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমক অৱগত কৰে যে গুৱাহাটীত উপস্থিত হোৱা পাঁচোজন লোকক মৰিগাঁও জিলা প্ৰশাসনে নিজ নিজ ঘৰলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উদ্ধাৰ হোৱা লোককেইজন হ’ল ক্ৰমে মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন, জোন বসুমতাৰী আৰু প্ৰহ্লাদ বসুমতাৰী। মন্ত্ৰীগৰাকীয়ে লগতে সংবাদমাধ্যমৰ আগত সদৰী কৰে যে তেওঁৰ হাতত থকা তথ্য অনুসৰি মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনথলীত (Manipur Landslide) অসমৰ মুঠ ২৬জন লোক আছিল। তাৰ ভিতৰত ২৪ জন কনষ্ট্ৰাকচন কোম্পানীত কাম কৰিবলৈ যোৱা শ্ৰমিক আছিল। এই ২৪ জন শ্ৰমিকৰ বাহিৰে এগৰাকী বজালীৰ আৰ্মীৰ জোৱানৰ এই ঘটনাত মৃত্যু হৈছে আৰু তেওঁৰ মৃতদেহ ইতিমধ্যে অসমলৈ অনা হৈছে। আনহাতে গোলকগঞ্জ নিৱাসী এজন ৰে’লৱেৰ ইঞ্জিনীয়াৰ বৰ্তমানেও সন্ধানহীন হৈ আছে। অসমলৈ জীৱিত অৱস্থাত ঘূৰি অহা পাঁচোজন লোক বৰ্তমান সংকটমুক্ত বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বৰ্তমানেও ভূমিস্খলনথলীত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু পৰৱৰ্তী সময়ত তাত অসমৰ কোনো লোকৰ পাৰ্থিৱ শৰীৰ উদ্ধাৰ হ’লে তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হ’ব।