মঙ্গলদৈৰ মীৰা দত্ত চৌধুৰীলৈ বিহগী মিডিয়া গ্ৰুপৰ ২০২৩ বৰ্ষৰ “শিল্পীপ্ৰাণ ৰামধেনু বঁটা”

মঙ্গলদৈৰ মীৰা দত্ত চৌধুৰীলৈ বিহগী মিডিয়া গ্ৰুপৰ ২০২৩ বৰ্ষৰ “শিল্পীপ্ৰাণ ৰামধেনু বঁটা”

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  অগ্ৰণী সামাজিক, সাংস্কৃতিক আৰু সাংবাদিক সংস্থা “বিহগী মিডিয়া গ্ৰুপ অসমৰ” ১৭ তম্ বৰ্ষপূৰ্তী আৰু ৰামধেনু বটাঁ,২০২৩ প্ৰদান অনুষ্ঠানত মঙ্গলদৈৰ মীৰা দত্ত চৌধুৰীলৈ আগবঢ়োৱা হয় শিল্পীপ্ৰাণ ৰামধেনু বঁটা। যোৱাকালি নলবাৰীৰ নাট্য মন্দিৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেবাজনো স্বনামধন্য ব্যক্তিক সংস্থাটোৱে বঁটা প্ৰদান কৰে। ভ্ৰাম্যমাণ নাট্য ক্ষেত্ৰৰ পুৰোধা ব্যক্তি প্ৰয়াত চন্দ্ৰ চৌধুৰী আৰু প্ৰয়াত গঙ্গাপ্ৰিয়া চৌধুৰীৰ সুযোগ্যা কনিষ্ঠা কন্যা, পাঠশালাৰ তিত্কা গাঁৱৰ প্ৰয়াত অনন্ত দত্ত আৰু প্ৰয়াত মৰ্মদা দত্তৰ দ্বিতীয়া বোৱাৰী তথা অসম চৰকাৰৰ যুটীয়া কৃষি সঞ্চালক প্ৰয়াত হিতেশ দত্তৰ সহধৰ্মিনী মীৰা দত্ত চৌধুৰী একেধাৰে সুঅভিনেত্ৰী হিচাপে পৰিচিত হোৱাৰ উপৰিও সাহিত্য,সঙ্গীত ক্ষেত্ৰৰ সৈতে জড়িত এগৰাকী সক্ৰিয় সমাজসেৱিকা ।অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰপৰা বঁটা গ্ৰহণ কৰি তেওঁ কয় যে বটাঁ প্ৰাপ্তিত গৌৰৱবোধ কৰিছোঁ; স্বীকৃতিয়ে আনন্দ দিয়াৰ লগতে নতুন উদ্যমেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়; সমাজখনৰ ইতিবাচক দিশত কাম কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ শুভাকাঙ্খীসকলৰ উৎসাহ আৰু আৰ্শীবাদ চিৰকাম্য। উল্লেখ্য যে বটাঁ প্ৰদান অনুষ্ঠানত মঙ্গলদৈৰ পৰা সহযোগী হিচাপে উপস্থিত থাকে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি তথা লেখিকা সংস্থাৰ অসমৰ কাৰ্যকৰী সভাপতি বৰদা শইকীয়া, লেখিকা সংস্থাৰ মঙলদৈ শাখাৰ উপ সভাপতি,কবি ক্ষীৰুমণি বৰুৱা, লেখিকা সংস্থা অসমৰ কাৰ্যকৰী সদস্যা দীপ্তি চহৰীয়া, বিশিষ্ট সমাজকৰ্মী, ৰক্তদাতা শেখৰ মজুমদাৰ ।